অসম

assam

ETV Bharat / state

নগাঁৱত হোটেল কৰ্তৃপক্ষই উলিয়াই দিলে কৰ'ণা যোদ্ধাক

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক'ভিড হাস্পিতালত কৰ্তব্য সমাপন কৰাৰ পিছত 6 গৰাকী নাৰ্ছক ৰখা হৈছিল হোটেলখনত ৷ ইয়াৰ লগতে নাৰ্ছকেইগৰাকীৰ স্বাৱ সংগ্ৰহ কৰি ক'ভিড পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল ৷ কিন্তু স্বাৱৰ ফলাফল অহাৰ পূৰ্বেই নাৰ্ছকেইগৰাকীক হোটেল কৰ্তৃপক্ষই উলিয়াই দিয়া ঘটনাই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নগাঁৱত

In Nagaon, the hotel authorities evicted the COVID fighters
নগাঁৱত হোটেল কৰ্তৃপক্ষই উলিয়াই দিলে কৰ'ণা যোদ্ধাক

By

Published : Jun 19, 2020, 10:53 PM IST

নগাঁও,19 জুনঃ কৰ'ণাৰ পৰীক্ষাৰ ফলাফল অহাৰ পূৰ্বেই কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা উলিয়াই দিয়া হ'ল কৰ'ণা যোদ্ধাক ৷ এই অভিযোগ উত্থাপন হৈছে নগাঁৱস্থিত নগাঁও পইণ্ট নামৰ এখন হোটেলৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷ জানিব পৰা মতে,নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিড হাস্পতালত কৰ্তব্য সমাপন কৰাৰ পিছত 6গৰাকী নাৰ্ছক ৰখা হৈছিল হোটেলখনত ৷ ইয়াৰ লগতে নাৰ্ছকেইগৰাকীৰ স্বাৱ সংগ্ৰহ কৰি ক'ভিড পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল ৷ কিন্তু স্বাৱৰ ফলাফল অহাৰ পূৰ্বেই নাৰ্ছকেইগৰাকীক হোটেল কৰ্তৃপক্ষই উলিয়াই দিয়া ঘটনাই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নগাঁৱত ৷ এই সন্দৰ্ভত নাৰ্ছকেইগৰাকীয়ে সমগ্ৰ বিষয় অৱগত কৰে স্বাস্থ্য বিভাগক ৷ অৱশেষত নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়াৰ হস্তক্ষেপত হোটেলৰ পৰা উলিয়াই দিয়া নাৰ্ছ কেইগৰাকীক বেবেজীয়াৰ কোৱাৰেণ্টাইন কেন্দ্ৰত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হয় ৷

নগাঁৱত হোটেল কৰ্তৃপক্ষই উলিয়াই দিলে কৰ'ণা যোদ্ধাক
লগতে পঢ়কঃ নাওবৈচাত শক্তি বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details