অসম

assam

ETV Bharat / state

ভূত বাংলাত পৰিণত কোটি টকীয়া পৰ্যটন গৃহ - নগাওঁ পৰ্যটন গৃহ

পাঁচ বছৰ পূৰ্বেই প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে উদ্বোধন কৰা পৰ্যটক নিবাস এতিয়া অবৰিছে হাবি জংঘলে । ৰাজনৈতিক চক্ৰবেহুত অপচয় চৰকাৰৰ কোটিটকীয়া আঁচনি। ই টি ভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন।

flop tourist Lodge of Nagaon
অৱহেলিত পৰ্যটন গৃহ

By

Published : Dec 3, 2019, 8:24 PM IST

Updated : Dec 3, 2019, 11:22 PM IST

নগাওঁ, 3 ডিচেম্বৰঃ চাৰি তৰাকা যুক্ত হোটেলৰ আৰ্হিত নিৰ্মিত এটা পৰ্যটন বিভাগৰ অতিথিশালা ৷ নগাওঁ চহৰৰ মাজমজিয়াত পূৰ্ৱৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত উদ্বোধন কৰা হৈছিল কোটি টকা ব্যয়ৰে নিৰ্মান কৰা এই পৰ্যটন গৃহটো ৷ বৰ্তমান হাঁবি-জংঘলে আৱৰি ধৰি ভূতবাংলা হৈ পৰা এই আটকধুনীয়া পৰ্যটন গৃহটো পাঁচবছৰ পূৰ্ৱে উদ্ধোধন কৰিছিল সেই সময়ৰ পৰ্যটন মন্ত্ৰী ৰকিবুল হুছেইনে ৷

অৱহেলিত পৰ্যটন গৃহ

পূৰ্ৱৰ চৰকাৰৰ দিনত উদ্বোধন হোৱাৰ পাছতো পৰ্যটকৰ বাবে মুকলি নোহোৱা পৰ্যটন গৃহটো মুকলি কৰিবলৈ এইপৰ্যন্ত কোনোধৰণৰ তৎপৰতা নেদেখুৱালে বিজেপি চৰকাৰেও ৷ পৰ্যটনৰ ক্ষেত্ৰত অভিলাসী আঁচনিৰে চমক সৃষ্টি কৰিব বিচৰা সোণোৱাল চৰকাৰৰ দিনতে এনেদৰে অনাদৃত হৈ পৰি ৰৈছে ৰাজকোষৰ কোটি-কোটি টকা ব্যয়েৰে নিৰ্মান কৰা সুন্দৰ পৰ্যটনগৃহটো ৷ এই ক্ষেত্ৰত সম্পূৰ্ন নিমাত স্থানীয় বিধায়ক ৰূপক শৰ্মাও ৷

অৱহেলিত পৰ্যটন গৃহ
Last Updated : Dec 3, 2019, 11:22 PM IST

ABOUT THE AUTHOR

...view details