অসম

assam

ETV Bharat / state

মোৱাইলৰ বাবে পিতৃয়ে বিয়া দিলে ১২ বছৰীয়া কিশোৰীক !

কঠিয়াতলী আৰক্ষী চকী অন্তৰ্গত কামপুৰ বৰহোলা গাঁৱৰ বাৰ বছৰীয়া কন্যাক বিয়া দিবলৈ প্ৰস্তুতি চলোৱা পিতৃ তৰুণ শইকীয়া অৱশেষত আৰক্ষীৰ হাতত ।

By

Published : Jul 27, 2019, 1:17 PM IST

Updated : Jul 27, 2019, 1:32 PM IST

বাৰ বছৰীয়া কন্যাক বিয়া দিবলৈ প্ৰস্তুতি চলোৱা পিতৃক আটক

বৰহমপুৰ, 27 জুলাই: নিজৰ বাৰ বছৰীয়া কন্যাক বিয়া দিবলৈ প্ৰস্তুতি চলোৱা পিতৃ তৰুণ শইকীয়া অৱশেষত আৰক্ষীৰ হাতত । ঘটনাটো সংঘটিত হৈছিল কঠিয়াতলী আৰক্ষী চকী অন্তৰ্গত কামপুৰ বৰহোলা গাঁৱত । ইফালে তৰুন শইকীয়াৰ লগতে বাৰ বছৰীয়া কিশোৰী বিবাহ কৰিব বিচৰা কঠিয়াতলি গৰুবন্ধাৰ প্ৰদীপ শইকীয়াকো (40) গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । পিতৃ তৰুন শইকীয়াই কেইটামান টকা আৰু মোবাইল ফোনৰ লোভত নিজৰ বাৰ বছৰীয়া জীয়ৰীক এজন মানসিক বিকাৰ গ্ৰস্তৰ লোকৰ লগত বিয়া দিয়াৰ প্ৰস্তুতি চলাইছিল ।

বাৰ বছৰীয়া কন্যাক বিয়া দিবলৈ প্ৰস্তুতি চলোৱা পিতৃক আটক

সোমবাৰে চাইল্ড লাইনৰ লগতে নগাওঁ জিলাৰ আইন সেৱা প্ৰাধিকাৰীয়ে উদ্ধাৰ কৰি বৰ্তমানে চাইল্ড লাইনৰ তত্বাৱধানত ৰাখিছে কিশোৰী গৰাকীক । শিশু কল্যান সমিতিয়ে তৰা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে তৰুন শইকীয়া আৰু প্ৰদীপ শইকীয়াক । বাতৰি লিখা পৰলৈ পলাই আছে আন এজন অপৰাধী প্ৰদীপ শইকীয়াৰ পিতৃ বিৰেন শইকীয়া ।

Last Updated : Jul 27, 2019, 1:32 PM IST

ABOUT THE AUTHOR

...view details