অসম

assam

ETV Bharat / state

নগাঁৱত নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ কৰ্মচাৰী সন্ধানহীন

নগাঁৱত সন্ধানহীন হৈছে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ এগৰাকী কৰ্মচাৰী ৷ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ নগাঁৱৰ কঠিয়াতলী শাখাত কৰ্মৰত আছিল সন্ধানহীন ব্যক্তিগৰাকী ৷ বিগত দুদিন ধৰি সন্ধান নাই হাজোৰ কৃষ্ণ বৈশ্য নামৰ যুৱক জনৰ ৷

By

Published : Feb 11, 2021, 10:41 PM IST

employee of north east small finance bank missing from nagaon
employee of north east small finance bank missing from nagaon

বঢ়মপুৰ, 11 ফেব্ৰুৱাৰী:নগাঁৱত নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ কঠিয়াতলী শাখাত কৰ্মৰত এগৰাকী যুৱক সন্ধানহীন হোৱাৰ পাছত দুদিন ধৰি কোনো শুংসূত্ৰ নোলোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ বিগত দুদিন ধৰি বেংকটোত কৰ্মৰত হাজোৰ কৃষ্ণ বৈশ্য নামৰ এজন যুৱক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে ৷

নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ নগাঁৱৰ কঠিয়াতলী শাখাত কৰ্মৰত আছিল সন্ধানহীন ব্যক্তিগৰাকী

প্ৰাপ্ত তথ্য অনুসৰি কঠিয়াতলী শাখাৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকত কৰ্মৰত যুৱকজনে অন্য দিনাৰ দৰে বুধবাৰেও কন্দলী আৰু কচুবস্তিৰ পৰা ঋনৰ ধন সংগ্ৰহ কৰিবলৈ গৈছিল ৷ যুৱক জনে ঋনৰ 54 হাজাৰ টকা সংগ্ৰহ কৰি বিয়লি পৰ্যন্ত বেংকলৈ ঘূৰি নহাত চিন্তিত হৈ পৰে বেংক কৰ্তৃপক্ষ ৷ যুৱক জন নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত বেংক কৰ্তৃপক্ষই কঠিয়াতলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে বুলিও জানিব পৰা গৈছে ৷ বেংক কৰ্তৃপক্ষৰ লগতে যুৱকজনৰ পৰিয়ালৰ লোকে নিৰুদিষ্ট যুৱকজনৰ সন্ধানত বিচাৰ খোচাৰ আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে যুৱক জনৰ সন্ধান লাভ কৰাত ব্যৰ্থ হৈছে ৷

জানিব পৰা মতে আৰক্ষীয়েও যুৱকজনৰ মবাইল ল'কেশ্বন চাই বামুনীৰ বিভিন্ন স্থানত অভিযান চলাইছে যদিও এই পৰ্যন্ত যুৱকজনৰ কোনো সন্ধান লাভ কৰা নাই ৷ যুৱকজনৰ হাতত যিহেতু ঋনৰ 54 হাজাৰ টকা মজুত আছিল, সেই বাবে কোনো দুষ্ট চক্ৰই অপহৰণ কৰি ধন সমূহ লুটি নিয়াৰো সন্দেহ কৰিছে বেংক কৰ্তৃপক্ষই ৷

লগতে পঢ়ক:নগাঁৱত হাতত ড্ৰাগছৰ চিৰিঞ্জসহ উদ্ধাৰ আৰক্ষীৰ পুত্ৰৰ মৃতদেহ

ABOUT THE AUTHOR

...view details