বটদ্ৰৱা,30 জুলাইঃ ঈদ-উজ-জোহালৈ মাজত মাত্ৰ এটা দিন ৷কৰ'ণাৰ ত্ৰাসৰ বাবে পৱিত্ৰ ঈদ-উজ-জোহা অনুষ্টুপীয়াকৈ উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ।
ঈদ উপলক্ষে গ্ৰামাঞ্চলৰ যুৱতী তথা মহিলা সকলে ঘৰতে ৰং বিৰঙী পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে ।বজাৰসমূহতো ভিৰ নাই পূৰ্বৰ দৰে ৷ঈদগাহ ময়দান আৰু মচজিদ সমূহতো পূৰ্বৰ দৰে নাই কোনো জাক জমকতা। কিয়নো চৰকাৰৰ নিৰ্দেশনা অনুসৰি ঈদগাহ নাইবা মছজিদত হ'ব নোৱাৰিব জন সমাগম। ইছলাম ধৰ্মাৱলম্বী লোকসকলে জনোৱা অনুসৰি চৰকাৰ নীতি নিৰ্দেশনাক সন্মান জনাই এইবাৰ সকলোৱে ঘৰতেই আদায় কৰিব ঈদৰ নামাজ । পূৰ্বতকৈ এইবাৰ কমিব কুৰবানীৰ সংখ্যাও।