অসম

assam

ETV Bharat / state

পৰিচালক ইন্দ্ৰনীল গায়নলৈ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান

অসমৰ ছবিজগতলৈ এক সুখৰ বতৰা ৷ বেংগালুৰুত অনুষ্ঠিত ভাৰতীয় চুটি চলচ্চিত্ৰ মহোৎসৱ 2021 ত ‘শ্ৰেষ্ঠ পৰিচালক’(Best Director)ৰ বঁটা লাভ কৰিছে নগাঁৱৰ ইন্দ্ৰনীল গায়নে(Indranil Gayan) ৷ ‘ৰিভিজিটিং চলিহা’(Rivisiting Chaliha) নামৰ চুটি ছবিখনৰ বাবে এই সন্মান লাভ কৰে পৰিচালকগৰাকীয়ে ৷

By

Published : Sep 14, 2021, 1:42 PM IST

director-indranil-gayan-got-best-director-award-in-banglore
পৰিচালক ইন্দ্ৰনীল গায়নলৈ সন্মান

নগাঁও, 14 ছেপ্তেম্বৰ :বেংগালুৰুত অনুষ্ঠিত চলিত বৰ্ষৰ ভাৰতীয় চুটি চলচ্চিত্ৰ মহোৎসৱত সন্মান লাভ কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে এজন অসমীয়া চলচ্চিত্ৰ পৰিচালকে ৷ তেওঁৰ নাম ইন্দ্ৰনীল গায়ন(Indranil Gayan) ৷ এই চলচ্চিত্ৰ মহোৎসৱত তেওঁৰ ‘ৰিভিজিটিং চলিহা’(Rivisiting Chaliha) নামৰ চুটি ছবিখনৰ বাবে ‘শ্ৰেষ্ঠ পৰিচালক’(Best Director)ৰ বঁটা লাভ কৰিছে ইন্দ্ৰনীল গায়নে ৷

14 মিনিট 33 ছেকেণ্ড দৈৰ্ঘৰ এই চুটি ছবিখন বিশিষ্ট গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ কেইবাটাও গল্পৰ চৰিত্ৰ আৰু প্লটক পুনৰ বিচৰণৰ বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা হৈছে । গল্পসমূহৰ ভিতৰত আছে- বাছ নহালৈ, ষ্টুডিঅ’ত, ধ্ৰুৱক, চেলুনত, ৰাস্তাৰ মানুহ আৰু বীণা কুটীৰ । চুটি ছবিখন পৰিচালনা কৰাৰ লগতে ইন্দ্ৰনীল গায়নে অভিনয়ো কৰিছে ।

ছবিখনৰ সৈতে জড়িত থকা আন কলা-কুশলীসকল হৈছে- ভাস্কৰ জ্যোতি বৰা, শুভ্ৰজিৎ দাস, বিশ্ববিদ্যুৎ দাস আৰু প্ৰাণজিৎ চাংমাই ৷ পৰিচালকগৰাকীয়ে জনোৱা মতে, দেশৰ প্ৰায় 80 খন চুটি ছবিয়ে বিভিন্ন শিতানত মনোনয়ন লাভ কৰিছিল ৷ তাৰ ভিতৰত বিশেষজ্ঞ কমিটিয়ে 15 খন চুটি ছবিক বিভিন্ন শিতানত পুৰস্কৃত কৰিছে ৷

নগাঁও জিলাৰ পুৰণিগুদামৰ অন্তৰ্গত মুঢ়ানিৰ নিৱাসী ইন্দ্ৰনীল গায়ন এগৰাকী লেখকো । তেওঁ বৰ্তমান ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গৱেষণা প্ৰকল্প (সাঁচিপতীয়া পুথিৰ সংৰক্ষণ আৰু হেঙুল-হাইতালৰ প্ৰস্তুতকৰণ)ৰ সৈতে জড়িত আৰু কৰ্মৰত ৷

তদুপৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিশাল কৰ্মৰাজিৰ সৈতে নিয়োজিত হৈ থকা আন্তৰ্জাতিক সংস্থা ‘‘চ’ছাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ’’ৰ কাৰ্যবাহী সদস্য হোৱাৰ উপৰিও আন এটি বুৰঞ্জীমূলক গৱেষণা প্ৰকল্পৰ ৱেবচাইট ‘ভিণ্টেজ আছাম’ আৰু ইনটেক(INTACH) অসমৰ নিয়োজিত কৰ্মদলৰ এজন সদস্য ৷

সৃষ্টিমূলক সাহিত্যৰ ক্ষেত্ৰখনত ইতিমধ্যে অসমৰ আগশাৰীৰ বিভিন্ন কাকত আলোচনী আদিত কবিতা, গল্প, আৰু প্ৰবন্ধ, অনুবাদ আদি প্ৰকাশ পোৱাৰ লগতে ইংৰাজী আৰু বাংলা ভাষালৈও তেওঁৰ কবিতা অনুদিত হৈছে । সাহিত্য অকাডেমীৰ দ্বাৰা আয়োজিত যুৱ লেখক সন্মিলন, ‘যুৱা সহিতি’ আৰু ‘মুলাকাত’ অনুষ্ঠানতো অসমীয়া ভাষাক প্ৰতিনিধিত্ব কৰিছে পৰিচালকগৰাকীয়ে ৷

ইতিমধ্যে চুটি ছবি আৰু তথ্যচিত্ৰ নিৰ্মাণৰ সৈতে জড়িত হৈ থকা পৰিচালক ইন্দ্ৰনীল গায়নৰ শেহতীয়াকৈ লণ্ডনৰ আগশাৰীৰ চুটি ছবি মহোৎসৱত ‘ইলিউচন’ আৰু ‘কাফকাচেক’ শীৰ্ষক চুটি ছবি দুখন ‘লিফ্ট অৱ গ্লৱেল চেচন 2020’ ত নিৰ্বাচিত আৰু প্ৰদৰ্শিত হৈছে ৷

লগতে পঢ়ক:8 বছৰ সম্পূৰ্ণ Barfi ৰ

ABOUT THE AUTHOR

...view details