অসম

assam

বানৰ পাচত শিয়ালমাৰিৰ বান শিবিৰত ডায়েৰিয়াৰ আতংক, চিকিৎসাধীন একেটা পৰিয়ালৰ 5জন লোক

By

Published : Jun 25, 2022, 10:17 PM IST

বানৰ পাচত বান বিধস্ত অঞ্চলত এতিয়া ভিন্ন বেমাৰৰ আতংক ৷ শিবিৰে শিবিৰে বিয়পিছে ভিন্ন বেমাৰৰ বীজানু ৷ বানৰ পাচত এইবাৰ নগাঁৱৰ মধুপুৰ শিয়ালমাৰিৰ বান শিৰিৰত ডায়েৰিয়াই লৈ ভয়ংকৰ ৰূপ (Diarrhea panic After floods at Sealmari flood camp in Nagaon)৷ শনিবাৰে পুৱা একেটা পৰিয়ালৰ 5জন লোক ডায়েৰিয়াত আক্ৰান্ত হৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ভৰ্তি হ’ব লগাত পৰিছে ৷

Diarrhea panic After floods at Sealmari flood camp in Nagaon
বান বিধস্ত অঞ্চলত এতিয়া ভিন্ন বেমাৰৰ আতংক

চামগুৰি, 25 জুন :ৰাজ্যত এফালে বান আৰু আনফালে মহামাৰীৰ আতংক ৷ বাঢ়নী পানী কিছু শুকাবলৈ আৰম্ভ কৰাৰ লগে লগে বানাক্ৰান্ত অঞ্চলসমূহত এতিয়া গা কৰি উঠিছে কিছু মৰাত্মক সমস্যাই । বানৰ পাচত এতিয়া এক দুৰ্গন্ধময় পৰিৱেশত থাকিবলগীয়া হৈছে ৰাজ্যৰ বন্যাৰ্তই । অপৰিষ্কাৰ পানী তথা খাদ্য সেৱন কৰাৰ লগতে অপৰিষ্কাৰ ঠাইত থকাৰ ফলত নানা ৰোগত আক্ৰান্ত হৈছে বন্যাৰ্ত ৷

তেনে এক পৰিৱেশে বিৰাজ কৰিছে নগাঁৱৰ মধুপুৰ শিয়ালমাৰিৰ বান শিবিৰত (Diarrhea panic After floods at Sealmari flood camp in Nagaon)৷ তথ্য অনুসৰি, বান শিবিৰত থকা শিশুসহ বহু লোক আক্ৰান্ত হৈছে ডায়েৰিয়াত । আনকি শিয়ালমাৰিৰ বান শিৰিৰত থকা একেটা পৰিয়ালৰ শিশুসহ 5 জন লোক ডায়েৰিয়াত আক্ৰান্ত হৈ শনিবাৰে পুৱা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ভৰ্তি হ’ব লগাত পৰিছে ৷

বান বিধস্ত অঞ্চলত এতিয়া ভিন্ন বেমাৰৰ আতংক

যাৰ ফলত শংকিত হৈ পৰিছে শিয়ালমাৰিৰ বন্যাৰ্ত ৷

তথ্য অনুসৰি, বৰ্তমানলৈতকে নগাঁও অসামৰিক চিকিৎসালয়ত ডায়েৰিয়া ৰোগত আক্ৰান্ত হৈ মুঠ 12 জন লোক চিকিৎসাধীন হৈ আছে । চিকিৎসালয়খনৰ চিকিৎসাকৰ্মীয়ে উল্লেখ কৰা অনুসৰি, ৰোগীক সকলো সা-সুবিধাই প্ৰদান কৰা হৈছে ৷ কিন্তু ইয়াৰ বিপৰীতে চিকিৎসালয়খনত ভৰ্তি হৈ থকা ৰোগীৰ আত্মীয়ই অভিযোগ কৰা অনুসৰি, চিকিৎসালয়খনৰ পৰা কোনো সুবিধায়ে লাভ কৰা নাই ৷

বানে জুৰুলা কৰা বন্যাৰ্তই এতিয়া সাধাৰণ চেলাইনকে ধৰি বেজি, চিৰিঞ্জ আদি বাহিৰৰ ফাৰ্মাচীৰ পৰা ক্ৰয় কৰিবলৈ অসমৰ্থ হৈ পৰিছে ৷ সেয়ে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক দৃষ্টি নিক্ষেপ কৰিবলৈ আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক :নিশা কাজিৰঙাৰ ৰাজপথত কেঁটেলা পহুৰ পৰিভ্ৰমণ

ABOUT THE AUTHOR

...view details