বঢ়মপুৰ,12 ফেব্ৰুৱাৰী : নগাঁৱত উদ্ধাৰ হৈছে কঠিয়াতলী শাখাৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ সন্ধানহীন হোৱা এগৰাকী কৰ্মচাৰীৰ মৃতদেহ ৷ শুকুৰবাৰে কন্দলী ফাইৰিং ফিল্ডৰ কাষত ডিঙি কটা অৱস্থাত উদ্ধাৰ হয় বেংক কৰ্মচাৰীজনৰ মৃতদেহ ৷
কোনো দূৰ্বৃত্তই হাত-ভৰি বান্ধি ডিঙি কাটি হত্যা কৰি কৰ্মচাৰীজনৰ পৰা ধন লৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ উল্লেখ্য যে, কন্দলী আৰু কচুবস্তিৰ পৰা ঋণৰ ধন উঠাবলৈ গৈ দুদিন ধৰি সন্ধানহীন হৈ আছিল হাজোৰ কৃষ্ণ বৈশ্য নামৰ যুৱকজন ৷ যুৱকজনে ঋণৰ 54 হাজাৰ টকা সংগ্ৰহ কৰি বেংকলৈ উভতি অহা নাছিল ৷ ইয়াৰ পাচতে কঠিয়াতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল বেংক কৰ্তৃপক্ষই ৷