বটদ্ৰৱাত বিদ্যালয়গৃহ নিৰ্মাণত দুৰ্নীতি!
নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নৌহওঁতেই প্ৰতিটো কোঠাতেই মেলিছে চিৰাল ফাট । বিদ্যালয়ৰ গৃহ নির্মাণৰ ঠিকা লাভ কৰিছিল ঠিকাদাৰ শৰৎ দেউৰীয়ে ৷ নিৰ্মাণ কাৰ্য চলি থকা সময়ত কোনো দিন কোনো এজন চৰকাৰী ইঞ্জিনীয়াৰ কিম্বা বিষয়াই পৰিদৰ্শন কৰা নাই বিদ্যালয়
বটদ্ৰৱা,1 জুলাই : বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ বটাবাৰী বঢ়ো মাধ্যম প্ৰাথমিক বিদ্যালয়ত গৃহ নির্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ ৷ 25 লাখ টকাৰে বিদ্যালয়ৰ গৃহ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নৌহওঁতেই প্ৰতিটো কোঠাতেই মেলিছে চিৰাল ফাট। যাৰ বাবে জাঙুৰ খাই উঠিছে গাঁওখনৰ জনজাতীয় লোকসকল। এই বিদ্যালয়ৰ গৃহ নির্মাণৰ ঠিকা লাভ কৰিছিল ঠিকাদাৰ শৰৎ দেউৰীয়ে ৷ কিন্তু ঠিকাদাৰগৰাকীয়ে অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ ৰাইজৰ ৷ ৰাইজৰ অভিযোগ,নিৰ্মাণ কাৰ্য চলি থকা সময়ত কোনো দিন কোনো এজন চৰকাৰী ইঞ্জিনীয়াৰ কিম্বা বিষয়াই পৰিদৰ্শন কৰা নাই বিদ্যালয়। ঠিকাদাৰগৰাকীয়ে বিদ্যালয়খনৰ পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজক কোনো তথ্য নজনোৱাকৈ নিৰ্মাণ কৰিছিল বিদ্যালয়ৰ গৃহ। বিদ্যালয়খনত সংঘটিত হোৱা এই দুৰ্নীতিৰ তদন্ত বিচাৰিছে স্থানীয় ৰাইজে ৷