চামগুৰি, 15 জুন : শিলঘাট-ধিং সংযুক্ত মথাউৰিৰ অতি স্পৰ্শকাতৰ অংশ নলকটাত মেৰামতিৰ নামত জলসম্পদ বিভাগৰ ঠিকাদাৰৰ বিৰুদ্ধে উঠিছে লুন্ঠনৰ গুৰুতৰ অভিযোগ । বিগত মাত্ৰ দুটা দশকত তিনিবাৰকৈ ছিগি উত্তৰ নগাঁও প্লাৱিত কৰা নলকটাত ঠিকাদাৰে পেলাইছে মাটিৰ সলনি বালি । খৰাং বতৰত প্ৰায়ে মেৰামতি কাম বন্ধ ৰখা আবুল নছৰ নামৰ চতুৰ ঠিকাদাৰ জনে বাৰিষা আগমনৰ লগে লগে হৈ মথাউৰিটো মেৰামতি কৰিবলৈ তৎপৰ হৈ উঠিছে ।
যধে-মধে পুখুৰীৰ পৰা বালি মাটি সংগ্ৰহ কৰি পেলাইছে মথাউৰিত । নলকটা অংশৰ ওখ আৰু আহল-বহল কৰাৰ বাবে ৩ কোটি ২০ লাখ টকা আৱন্টন সাপেক্ষে প্ৰস্তুত কৰা প্ৰাককলনক ভেঙুচালি প্ৰদৰ্শন কৰি ঠিকাদাৰে পালমৰা বিধৰ কাম কৰি লুন্ঠন অব্যাহত ৰখা স্বত্তেও নগাঁও জলসম্পদ বিভাগে অৱলম্বন কৰিছে নিৰ্লিপ্ত ভূমিকা । আনকি কাৰ্যবাহী অভিযন্তা, এছ ডি অ আৰু এছ অ' ই একালৰ কংগ্ৰেছী ঠিকাদাৰ আবুল নছৰৰ লুন্ঠন ৰাজত হাত উজান দিয়াৰো গুৰুতৰ অভিযোগ উঠিছে ।