অসম

assam

ETV Bharat / state

নগাঁৱত খাদ্য সুৰক্ষাৰ চাউলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি - খাদ্য সুৰক্ষাৰ চাউল

বিগত ৮ মাহ ধৰি বঞ্চিত হৈ আহিছে নগাঁৱৰ শান্তিপুৰৰ হিতাধিকাৰী

নগাঁৱত খাদ্য সুৰক্ষাৰ চাউলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

By

Published : Mar 5, 2019, 10:45 PM IST

নগাঁও,৫ মাৰ্চ: নগাঁৱৰ শান্তিপুৰত প্ৰহসন খাদ্য সুৰক্ষাৰ আঁচনি । প্ৰত্যেক মাহতে দিবলগীয়া খাদ্য সুৰক্ষা আঁচনিৰ চাউলৰ পৰা বিগত ৮ মাহ ধৰি বঞ্চিত হৈ আহিছে নগাঁৱৰ শান্তিপুৰৰ হিতাধিকাৰী ।

নগাঁৱত খাদ্য সুৰক্ষাৰ চাউলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

খাদ্য সুৰক্ষাৰ অধীনত তিনিটকীয়া চাউল এটকাত দিয়াৰ আঁচনি উদ্বোধন কৰি শাসকীয় দলৰ নেতাই চমক সৃষ্টি কৰাৰ সময়তে শান্তিপুৰৰ এজেন্ট সুভদ্ৰা দাসৰ বিৰুদ্ধে উত্থাপন হৈছে হিতাধিকাৰীক চাউলৰ পৰা বঞ্চিত কৰাৰ অভিযোগ । এই অভিযোগত শান্তিপুৰত মঙলবাৰে সন্ধিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে স্থানীয় ৰাইজে । অৰ্ধশতাধিক পুৰুষ-মহিলাই হয়বৰগাঁও আৰক্ষী চকীত উপস্থিত হৈ সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ ।

ABOUT THE AUTHOR

...view details