অসম

assam

By

Published : Oct 16, 2022, 7:52 AM IST

ETV Bharat / state

Film Demonstration at BKB College : বিৰিঞ্চি কুমাৰ বৰুৱা মহবিদ্যালয়ত ‘ভাল কথাছবিৰ ৰসাস্বাদন’

নগাওঁ জিলাৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান ড৽ বিৰিঞ্চি কুমাৰ বৰুৱা মহবিদ্যালয়ত চুটিছবি ‘কাচিচিনিথো’ আৰু ‘সন্ধানী’ নামৰ গ্ৰন্থ উন্মোচন (Nagaon BKB college) । শনিবাৰে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ প্ৰাক্তন ছাত্ৰ সন্মিলন আৰু অসমীয়া বিভাগৰ দ্বাৰা অনুষ্ঠিত কৰা হয় এই বিশেষ অনুষ্ঠান ।

Nagaon BKB college
বিৰিঞ্চি কুমাৰ বৰুৱা মহবিদ্যালয়ত ‘ভাল কথাছবিৰ ৰসাস্বাদন’

নগাঁও,১৬ অক্টোবৰ:নগাঁও জিলাৰ পুৰণিগুদামৰ আগশাৰীৰ উচ্চ শিক্ষাৰ অনুষ্ঠান ড৽ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত শনিবাৰে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ প্ৰাক্তন ছাত্ৰ সন্মিলন আৰু অসমীয়া বিভাগৰ দ্বাৰা অনুষ্ঠিত কৰা হয় গ্ৰন্থ উন্মোচন, বক্তৃতা আৰু ছুটী ছবি ‘কাচিচিনিথু’ প্ৰদৰ্শনী অনুষ্ঠান (Lecture Event at BKB College) । মহাবিদ্যালয়খনৰ বৰ্তমানৰ চতুৰ্থ ষান্নাসিকৰ ছাত্ৰ-ছাত্ৰীসকলে ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে প্ৰস্তুত কৰা লিখনি সন্নিৱিষ্ট গ্ৰন্থ ‘সন্ধানী’ উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ পুলিন হাজৰিকাই(Book Launch Event at BKB college) ।

গ্ৰন্থখন উন্মোচন কৰি তেওঁ ছাত্ৰ-ছাত্ৰীসকলক সমাজৰ লগত জড়িত হৈ থাকি পঢ়া শুনাত আগবাঢ়ি যাব লাগে বুলি মন্তব্য কৰে । কাৰণ ছাত্ৰ-ছাত্ৰীসকলৰ বাহিৰৰ সমাজ খনৰ পৰা শিকিবলগীয়া বহুতো আছে । ‘সন্ধানী’ নামৰ গ্ৰন্থখন সম্পাদনা কৰিছে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ প্ৰাক্তন ছাত্ৰ সন্মিলনে ।

আনহাতে এই অনুষ্ঠানৰ বক্তৃতা প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিশিষ্ট ছবি নিৰ্মাতা, নিৰ্দেশক খঞ্জন কিশোৰ নাথে (Film maker Khanjan Kishore Nath)। বক্তৃতাৰ বিষয় বস্তু আছিল ‘ভাল কথাছবিৰ ৰসাস্বাদন’ । উক্ত অনুষ্ঠানত খঞ্জন কিশোৰ নাথে কয় যে এখন চলচ্চিত্ৰই কাৰোবাৰ ওপৰত তাৎক্ষণিক প্ৰভাৱ পেলাব পাৰে । কিন্তু সেইয়া দীৰ্ঘম্যাদী নহ'বও পাৰে । তেঁওৰ মতে ভাল ছবি সেইখনহে যিখনে দীৰ্ঘদিন ধৰি মানুহৰ মন মগজুত প্ৰভাৱ পেলায় ।

বিৰিঞ্চি কুমাৰ বৰুৱা মহবিদ্যালয়ত ‘ভাল কথাছবিৰ ৰসাস্বাদন’

আনহাতে এই অনুষ্ঠানতেই প্ৰদৰ্শিত কৰা হয় দেশৰ সৰ্বশ্ৰেষ্ঠ ছুটী ছবিৰ সন্মান লাভ কৰা খঞ্জন কিশোৰ নাথৰ প্ৰযোজনা আৰু পৰিচালনাৰে নিৰ্মিত ছুটী ছবি ‘কাচিচিনিথু’ । উল্লেখ্য যে, মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক শান্তনু বৰদলৈয়ে সঞ্চালনা কৰা অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৽ নৃপেন চন্দ্ৰ দাস(DKB college principal) উপস্থিত থকাৰ লগতে অসমীয়া বিভাগৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ সম্পাদক কৃষ্ণ শইকীয়াৰ লগতে অসমীয়া বিভাগৰ অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলেও অনুষ্ঠানটিত অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে, ড৽ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক বাহিৰৰ সমাজৰ সৈতে চিনাকী কৰাই দিবলৈ তথা বহু গুৰুত্বপূৰ্ণ বিষয় সমাজৰ আগত দাঙি ধৰিবলৈ শিক্ষানুষ্ঠানখনে প্ৰায়ে এনে অনুষ্ঠান অনুষ্ঠিত কৰি অহা পৰিলক্ষিত হয় । শনিবাৰৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে উদ্যোক্তাসকলে ।

লগতে পঢ়ক:Eviction drive in Biswanath : বৰগাং আছুৰ কাৰ্যা লয়ত ৰ্যা পৰিল প্ৰশাসনৰ হাতোৰ

ABOUT THE AUTHOR

...view details