আধাৰশিলা স্থাপনতে দায়িত্ব সামৰিলে বিধায়িকা আঙুৰলতা ডেকাই
বটদ্ৰৱাৰ ডিমৌ-ৰাইডঙ্গীয়া পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ৰাইজক । কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষ লগতে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতাৰ
বটদ্ৰৱা, 16 জুলাই : আধাৰশিলা স্থাপন কৰি চমক সৃষ্টি কৰা বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টিৰ পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে সমষ্টিবাসী ৰাইজক । গুৰুজনাৰ জন্মস্থানলৈ যোৱা ৰাইডঙ্গীয়া পথটো পঞ্চায়ত নিৰ্বাচনৰ আগে আগে মেৰামতি কামৰ আধাৰশিলা স্থাপন কৰিয়ে দায়িত্ব সামৰিলে বিধায়িকা আঙুৰলতা ডেকাই ৷ আজিলৈকে এই পথটি মেৰামতিৰ নামত পথটিত এটাও শিলগুটিও নপৰিল । যাৰ ফলত বৃহত্তৰ বটদ্ৰৱা সমষ্টিৰ নিজহাতীচোং অঞ্চলৰ ৰাইজে বাৰিষা আৰম্ভ হোৱাৰে পৰা যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিছে ৷ গুৰুজনাৰ জন্মভূমিক নামনি অসমৰ সৈতে চমু বাটেৰে সংযোগ কৰা ৰহা আৰু বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত এই পথটি নতুনকৈ আধুনিক মানদণ্ডৰে পুনৰ নিৰ্মাণৰ কৰিবলৈ স্থানীয় ৰাইজে বিধায়কদ্বয় ডিম্বেশ্বৰ দাস আৰু আংগুৰলতা ডেকাৰ ওচৰত সজোৰে দাবী জনাইছে ৷