অসম

assam

ETV Bharat / state

ৰহাত কংগ্ৰেছীক তুলাধুনা হিমন্তৰ

বিশাল জনসভাত উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ "নিৰ্বাচনত পাছ কৰাটো বৰ টান । মেট্ৰিক পৰীক্ষা যিমান টান তাতোকৈ ৰাইজৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ আৰু টান । এই পৰীক্ষাত এইবাৰ ৰাইজে নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাক বিপুল ভোটেৰে পাছ কৰাই নৰেন্দ্ৰ মোডীৰ হাত শক্তিশালী কৰক।" ভাষণ প্ৰসংগত মন্তব্য কৰে মন্ত্ৰীজনে৷

By

Published : Apr 11, 2019, 12:49 AM IST

ৰহাত কংগ্ৰেছীক তুলাধুনা হিমন্তৰ

ৰহা, 10 এপ্ৰিলঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বুধবাৰে 10 নং নগাঁও সংসদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাৰাথান প্ৰচাৰ চলায় ৷ সভাৰ অংশ হিচাপে ৰহা সমষ্টিৰ অন্তৰ্গত ৰহাৰ ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত হোৱা বিশাল জনসভাত উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ "নিৰ্বাচনত পাছ কৰাটো বৰ টান । মেট্ৰিক পৰীক্ষা যিমান টান তাতোকৈ ৰাইজৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ আৰু টান । এই পৰীক্ষাত এইবাৰ ৰাইজে নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাক বিপুল ভোটেৰে পাছ কৰাই নৰেন্দ্ৰ মোডীৰ হাত শক্তিশালী কৰক।" ভাষণ প্ৰসংগত মন্তব্য কৰে মন্ত্ৰীজনে৷

ৰহাত কংগ্ৰেছীক তুলাধুনা হিমন্তৰ

ইয়াৰোপৰি কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি মন্ত্ৰী গৰাকীয়ে কয় বিজেপি দলে দেশৰ কথা, দেশৰ সুৰক্ষাৰ কথা সৰ্বপ্ৰথমে চিন্তা কৰে । কাচবে ভাৰতত আহি এজন এজনকৈ লোকক গুলীয়াই হত্যা কৰিছিল । তেতিয়া দেশত আছিল কংগ্ৰেছৰ চৰকাৰ। কিন্তু সৌ সিদিনা পুলৱামাত চল্লিশজনকৈ ভাৰতীয় অৰ্ধসামৰিক বাহিনীৰ ওপৰতো পাকিস্তানী সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণৰ পিচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতৰ বায়ু সেনাৰ দ্বাৰা আক্ৰমণ কৰা বুলিও ৰোমন্থন কৰাই মন্ত্ৰীজনে৷ ইয়াৰোপৰি সভাত চৰকাৰ খনৰ খতিয়ান দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে৷

ABOUT THE AUTHOR

...view details