মৈৰাবাৰী, 7 অক্টোবৰ :উল্লেখযোগ্য যে বিধায়ক আমিনুল ইছলামে প্ৰতিনিধিত্ব কৰা ধিং বিধানসভা সমষ্টিৰ বাট পথৰ দুৰৱস্থাই এতিয়া জ্বলা কলা খুৱাইছে জনসাধাৰণক । ভিতৰুৱা গ্ৰামঞ্চলৰ কথা বাদেই নগাঁও ভূৰাগাওঁ সংযোগী মূল পথৰ মৈৰাবাৰীত দীৰ্ঘদিনৰ পৰাই সৃষ্টি হোৱা পুখুৰী সদৃশ গাতে অতিষ্ঠ কৰি তুলিছে পথচাৰীক। সম্প্ৰতি পথটোৰে যাতায়ত অসম্ভৱ হৈ পৰিছে।
ধিঙত অসম মিঞা পৰিষদৰ অৱস্থান ধৰ্মঘট
ধিং বিধানসভা সমষ্টিৰ বাট পথৰ দুৰৱস্থাই এতিয়া জ্বলা কলা খুৱাইছে জনসাধাৰণক। উক্ত পথটোক কেন্দ্ৰ কৰি জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠনৰ লগতে ৰাইজ ।
পথটোৰ এনে দুৰৱস্থাৰ বাবে জাঙুৰ খাই উঠিছে অসম মিঞা পৰিষদৰ লগতে স্থানীয় ৰাইজ। ইতিমধ্যে বুধবাৰে মিঞা পৰিষদে মৈৰাবাৰী তিনিআলিত সংগঠনটোৱে তিনি ঘন্টিয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। মূল পথটিৰ ধিঙৰ পৰা দলৈগাঁও আৰু মৈৰাবাৰীৰ পৰা ভূৰবন্ধালৈ যোৱা পথটিৰে যাতায়ত একপ্ৰকাৰ অসম্ভৱ হৈ পৰাৰ পিছতো কোনো বিশেষ গুৰুত্ব নাই স্থানীয় বিধায়ক আমিনুল ইছলামৰ।
গৰকাপ্তানী বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বাট পথৰ উন্নয়নৰ ঢোল কোবাই আহিছে যদিও বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ বাট পথে উদঙাইছে মন্ত্ৰীগৰাকীৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ।