অসম

assam

ETV Bharat / state

কঠিয়াতলীত এজন কৰ্মচাৰীৰে চলিছে চেন্ট্ৰেল বেংক

প্ৰতিবাদী ৰাইজ সকলে বেংক কৰ্তৃপক্ষক শীঘ্ৰে বেংকটোত পৰ্যাপ্ত কৰ্মচাৰী নিয়োগ কৰিবলৈ দাবী জনায় ।

By

Published : Jun 20, 2019, 2:33 PM IST

কঠিয়াতলীত এজন কৰ্মচাৰীৰে চলিছে চেন্ট্ৰেল বেংক

নগাঁও , ২০ জুন : নগাঁৱৰ কঠিয়াতলী চেন্ট্ৰেল বেংকত বিগত তিনিদিন ধৰি কৰ্মচাৰী নথকাত গ্ৰাহকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । তিনিদিনৰ পাচত নগাঁৱৰ পৰা দুজন কৰ্মচাৰী আহিছে যদিও ভালদৰে কাম নকৰাৰ অভিযোগ গ্ৰাহক সকলৰ ।

কঠিয়াতলীত এজন কৰ্মচাৰীৰে চলিছে চেন্ট্ৰেল বেংক

আনহাতে গ্ৰাহকক দুব্যৱহাৰ কৰাৰ অভিযোগ তোলে একাংশ গ্ৰাহকে । ইফালে তিনিমাহ বেংকলৈ অহা যোৱা কৰিও কেইবাগৰাকী জ্যেষ্ঠলোকে বৃদ্ধ পেঞ্চন নোপোৱাৰ অভিযোগ উত্থাপিত কৰে গ্ৰাহক সকলে । ফলত একাংশ গ্ৰাহকে বৃহস্পতিবাৰে অতিষ্ঠ হৈ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী ৰাইজ সকলে বেংক কৰ্তৃপক্ষক শীঘ্ৰে বেংকটোত পৰ্যাপ্ত কৰ্মচাৰী নিয়োগ কৰিবলৈ দাবী জনায় ।

ABOUT THE AUTHOR

...view details