মূল্যবৃদ্ধিয়ে জ্বলা কলা খুৱাইছে সাধাৰণ জনতাক নগাঁও, 30 অক্টোবৰ : ৰঙা পিয়াঁজে যেন এতিয়া কন্দুৱাইছে সাধাৰণ ৰাইজক । পিয়াঁজৰ বাবেই এতিয়া হাহাকাৰ কৰি উঠিছে গৃহিণীয়ে । বজাৰত পিয়াঁজ কিনিবলৈ গৈ ভাৱিবলগীয়া হয় এশবাৰ । কাৰণ প্ৰতিদিনেই এতিয়া বৃদ্ধি হৈছে পিয়াঁজৰ মূল্য । বৰ্তমান ৮০ টকা চুইছেগৈ পিয়াঁজৰ খুচুৰা মূল্যই । বিগত কেইদিন ধৰি পিয়াঁজৰ মূল্যবৃদ্ধি হৈয়েই আছে যদিও মূল্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো গুৰুত্বই নাই ৰাজ্য চৰকাৰৰ যোগান বিভাগৰ ।
পিয়াঁজকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি অহাৰ পিচতো যেন নিদ্ৰাভগ্ন হোৱা নাই ৰাজ্যৰ যোগান বিভাগৰ । এইবাৰ পিয়াঁজৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল আম আদমী পাৰ্টীৰ নগাঁও জিলা সমিতি । সোমবাৰে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত আম আদমী পাৰ্টীৰ নগাঁও জিলা সমিতিয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ।
পিয়াঁজৰ মূল্যবৃদ্ধিৰ ফলত সাধাৰণ পৰিয়ালত কি অৱস্থাৰ সৃষ্টি হ’ব পাৰে সেয়া দেখুৱাবলৈ ৰাজপথতে পিয়াঁজ চাই চাই ভাত খাই দেখুৱাইছে প্ৰতিবাদকাৰীয়ে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে । বজাৰত একাংশ অসাধু ব্যৱসায়ীয়ে পিয়াঁজৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি পিয়াঁজৰ মূল্যবৃদ্ধি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আম আদমী পাৰ্টীৰ নগাঁও জিলা সমিতিয়ে । কিন্তু এইক্ষেত্ৰত চৰকাৰ তথা যোগান বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন কৰিছে ৰাজনৈতিক দলটোৱে । পিয়াঁজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত ৰাজ্য চৰকাৰৰ যোগান বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাত ক্ষোভিত হৈ পৰিছে আম আদমী পাৰ্টী । সোমবাৰে নগাঁৱত মূল্যবৃদ্ধিৰ বিৰুদ্ধে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত আম আদমী পাৰ্টীৰ কেইবাজনো নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক :Price hike of Onion: গ্ৰাহকে কিনিছে এপোৱা পিয়াঁজ