অসম

assam

ETV Bharat / state

একে গাঁৱৰে যুৱকৰ কামনাৰ বলি 11 বছৰীয়া ছাত্ৰী !

নগাঁৱৰ কঠিয়াতলীৰ গৰুবন্ধা মিকিৰ গাঁৱত এগৰাকী ১১ বছৰীয়া ছাত্ৰীক ধৰ্ষণৰ অভিযোগ একে গাঁৱৰে যুৱকৰ বিৰুদ্ধে । সমগ্ৰ ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পিতৃয়ে কঠিয়াতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷

By

Published : Aug 17, 2019, 10:19 PM IST

স্থানীয় যুৱকৰ ওপৰত 11 বছৰীয়া ছাত্ৰীক ধৰ্ষণৰ অভিযোগ

নগাঁও, 17 আগষ্টঃ নগাঁৱৰ কঠিয়াতলীৰ গৰুবন্ধা মিকিৰ গাঁৱত সংঘটিত হৈছে জঘন্য ঘটনা । গৰুবন্ধাৰ মিকিৰ গাঁৱত এগৰাকী 11 বছৰীয়া এগৰাকী ছাত্ৰীক একে গাঁৱৰে যুৱকৰ দ্বাৰা ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ উল্লেখযোগ্য যে শুক্ৰবাৰে ছাত্ৰী গৰাকীৰ পিতৃ-মাতৃ ঘৰত নথকা সুযোগ গ্ৰহণ কৰি একে গাঁৱৰে বিমল ৰংপি নামৰ যুৱকজনে ছাত্ৰী গৰাকীক ধৰ্ষণ কৰা অভিযোগ তুলিছে ছাত্ৰী গৰাকীৰ পিতৃয়ে । হঠাৎ ঘটনাস্থলীত ছাত্ৰীগৰাকীৰ পিতৃ ঘৰত উপস্থিত হৈ সমগ্ৰ ঘটনা নিজ চকুৰে প্ৰত্যক্ষ কৰে আৰু অভিযুক্ত যুৱকজনক আটক কৰিবলৈ চেষ্টা কৰে যদিও পলাই যাবলৈ সক্ষম হয় ৷ ইপিনে সমগ্ৰ ঘটনা সন্দৰ্ভত ছাত্ৰী গৰাকী পিতৃয়ে কঠিয়াতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷ ঘটনা সম্পৰ্কত কঠীয়াতলী আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানেও পলাতক বিমল ৰংপিক আটক কৰিব সক্ষম হোৱা নাই ।

স্থানীয় যুৱকৰ ওপৰত 11 বছৰীয়া ছাত্ৰীক ধৰ্ষণৰ অভিযোগ

ABOUT THE AUTHOR

...view details