মৰিগাঁও, 21 আগষ্ট : মৃত্যু উপত্যকাত পৰিণত হৈছে আফগানিস্তানৰ ৰাজধানী কাবুল ৷ বিগত কিছুদিনৰ পৰা কাবুল দখল কৰি তালিবানীসকলে কৰা কাৰ্যৰ ভিডিঅ’ ইতিমধ্য Social media ত ভাইৰেল হৈছে ৷ সংঘৰ্ষজৰ্জৰ সময়চোৱাত বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাবলগীয়া পৰিৱেশ সৃষ্টি হোৱাত উদ্বেগ প্ৰকাশ কৰিছে সমগ্ৰ বিশ্বই ৷
দেশখনৰ পৰিস্থিতি সন্দৰ্ভত উদ্বিগ্ন আৰু আতংকিত হৈ পৰিছে ৰাজ্যত বাস কৰা আফগানিস্তানৰ লোকসকলে ৷ মৰিগাঁৱতো বহুবছৰ ধৰি বাস কৰি আহিছে আফগান মূলৰ এটি পৰিয়াল ৷ পৰিয়ালটোৱে এই সন্দৰ্ভত চিন্তা প্ৰকাশ কৰি দেশখনৰ পৰিস্থিতি দুখজনক বুলি মন্তব্য প্ৰকাশ কৰে ৷
কাবুলৰ শেহতীয়া ঘটনাই সমগ্ৰ বিশ্বকে জোকাৰি গৈছে উল্লেখ্য যে, অসমতে জন্মগ্ৰহণ কৰিছিল আলী খান নামৰ আফগানিস্তান মূলৰ এগৰাকী ব্যক্তিয়ে ৷ ব্যক্তিগৰাকীয়ে মৰিগাঁৱত অতিবাহিত কৰিছে প্ৰায় ৫১ টা বছৰ । আলীৰ পিতৃ ১৯৬৫-৬৬ চনৰ পূৰ্বে ভাৰতলৈ আহিছিল । তেতিয়াৰ পৰাই পৰিয়ালটোৱে ভাৰততে নিগাজীকৈ বাস কৰিবলৈ লয় ৷ কাবুলৰ সৈতে পৰিয়ালটোৰ পোনপটীয়া সম্পৰ্ক নাথাকিলেও তেওঁলোকৰ আত্মীয়-স্বজন বৰ্তমানেও তাত আছে ৷
সেয়ে কাবুলত সংঘটিত প্ৰতিটো হিংসাত্মক ঘটনাই আলীৰ মনত আঘাত দিছে ৷ ব্যক্তিগৰাকীয়ে শীঘ্ৰে এই পৰিস্থিতিৰ শাম কটাৰ আশা প্ৰকাশ কৰিছে ৷ অন্যথা দেশখনত থকা লোকসকলৰ অৱস্থা অধিক শোচনীয় হ’ব বুলি দুখ প্ৰকাশ কৰে ৷ তদুপৰি এই অৱস্থাৰ পৰা দেশখনক উদ্ধাৰ কৰিবলৈ ভাৰত চৰকাৰক আলীয়ে কৰযোৰে অনুৰোধ জনায় ৷
লগতে পঢ়ক :পলায়নৰ পিছত প্ৰথমবাৰৰ বাবে ভিডিঅ' বাৰ্তা প্ৰেৰণ আশ্ৰফ ঘানিৰ