অসম

assam

By

Published : Dec 10, 2021, 8:53 PM IST

ETV Bharat / state

মুখ্যমন্ত্ৰী বনাম ছহিদ পৰিয়াল : মুখ্যমন্ত্ৰীৰ ঘোষণাত সোচ্চাৰ ছহিদ পৰিয়াল

মৰিগাঁৱত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাই আয়োজন কৰা ছহিদ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত(Swahid family reaction on CM's announcement) কৰিছে ছহিদ পৰিয়ালে ৷

Swahid family reaction on CM's announcement
মুখ্যমন্ত্ৰী বনাম ছহিদ পৰিয়াল

মৰিগাঁও, 10 ডিচেম্বৰ :মৰিগাঁও স্কুলৰ খেলপথাৰত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ উদ্যোগত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে ছহিদ দিৱস উদযাপন কৰা হয়(Swahid Divas observes in Morigaon) ৷ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma in Morigaon Swahid Divas) ছবছৰীয়া অসম আন্দোলনৰ ছহিদসকলক সুঁৱৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে ছহিদ দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে ৷ তেওঁ গুৱাহাটীত অসম চৰকাৰে বিগত বৰ্ষৰ পৰা আৰম্ভ কৰা ছহিদ উদ্যানৰ নিৰ্মাণৰ কাম চলিত বৰ্ষত শেষ কৰাৰ কথা ব্যক্ত কৰে ৷ ইয়াৰ লগতে ছহিদ পৰিয়ালৰ কল্যাণৰ কাৰণে শুকুৰবাৰৰ পৰা এটা 5 কোটি টকাৰ ন্যাস আৰম্ভ কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ এই ন্যাসৰ পৰা উপাৰ্জন হোৱা পুঁজিৰে ছহিদ পৰিয়ালৰ শিক্ষা, স্বাস্থ্য আদিৰ ব্যৱস্থা কৰাৰ লগতে 5 বছৰৰ ভিতৰত এই পুঁজি 50 কোটি টকালৈ লৈ যোৱাৰ ব্যৱস্থা কৰাৰ কথা জানিবলৈ দিয়ে ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী শৰ্মাই লগতে ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্মভূমি ভৱানীপুৰত ৰাজ্যিক ভিত্তিত এটা ছহিদ স্মৃতি চিহ্ন উদ্যান বাকৰি নিৰ্মাণৰ ব্যৱস্থা কৰাৰ কথাও জানিবলৈ দিয়ে ৷ তেওঁ লগতে ছহিদ পৰিয়ালসকলৰ চাকৰিৰ ক্ষেত্ৰত তেওঁলোকৰ পৰিয়ালত মুক্তিযুঁজাৰুৰ দৰে কিছু নম্বৰৰ ব্যৱস্থা কৰিব পৰা যায় নেকি তাৰ বাবেও কেবিনেটত বিবেচনা কৰা হ’ব বুলিও সদৰি কৰে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, অসম আন্দোলনৰ সময়ত আমি যিমান অসুৰক্ষিত হৈ আছিলো, আজিও আমি সিমানেই অসুৰক্ষিত ৷ অসম আন্দোলনৰ সময়ত দিল্লী আৰু দেশ বিদেশৰ পৰা হোৱা বাওপন্থীসকলৰ ষড়যন্ত্ৰ আমি দেখা পোৱা নাছিলো; কাৰণ সেই সময়ত ছ’চিয়েল মিডিয়া তেতিয়া সিমান সক্ৰিয় নাছিল ৷ গৰুখুঁটি উচ্ছেদৰ সময়ত আমি দেখা পাও যে অসমৰ বিৰুদ্ধে বিশ্ব দৰবাৰত ভুলকৈ কোৱা আৰু জাতিটোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা লোকৰ সংখ্যা এতিয়া বহু বেছি ৷ প্ৰত্যাহ্বান নেওচি আমি আগুৱাই যাব লাগিব ৷

ছহিদ পৰিয়াল

আনহাতে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ছহিদ পৰিয়ালে ৷ বিগত 38 বছৰে ছহিদ পৰিয়ালে কোনো চাকৰি বাকৰি তথা চৰকাৰী সাহাৰ্য লাভ নকৰিলে বুলি ক্ষোভ প্ৰকাশ কৰে ৷ তদুপৰি ছহিদ বেদীটো 38 বছৰেও সম্পূৰ্ণ নহ’ল বুলি আক্ষেপ প্ৰকাশ কৰে ৷ বিগত বৰ্ষটো একেখন চৰকাৰ থকাৰ পাছতো ছহিদ বেদীলৈ যোৱা পথটো সম্পূৰ্ণকৈ নিৰ্মাণ কৰা ন’হল বুলি ক্ষোভ প্ৰকাশ কৰে ৷

লগতে পঢ়ক :Swahid Divas in Morigaon : অসম আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধা জনালে মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details