মৰিগাঁও, ১৫ জুলাই:বুধবাৰে মৰিগাঁও জিলাৰ বানাক্ৰান্ত ৰাইজৰ ৰোষত পৰিব লগা হ'ল দুগৰাকীকৈ জনপ্ৰতিনিধি। মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত ভুৰাগাঁৱত বান ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন কৰিবলৈ গৈ বানাক্ৰান্ত লোকৰ ৰোষত পৰিব লগা হ'ল স্থানীয় বিধায়ক নজৰুল ইছলাম সহ সাংসদ প্ৰদ্যুৎ বৰদলৈ । বান ক্ষতিগ্ৰস্তৰ খবৰ লবলৈ যোৱা এই দুই জনপ্ৰতিনিধিৰ লগত আছিল মৰিগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাও ।
উল্লেখ্য যে,বিগত ২৫ বছৰে লাহৰীঘাট সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে নজৰুল ইছলামে। কিন্তু ১৫ টা বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হৈ থকাৰ পিছতো লাহৰীঘাট সমষ্টিৰ কোনো গুৰুত্বপূৰ্ণ সমস্যা সমাধান নকৰি কেৱল ৰাইজক ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰি অহাৰ অভিযোগ তুলিলে বিধায়কজনৰ বিৰুদ্ধে। বান ক্ষতিগ্ৰস্ত অঞ্চলবাসীৰ বাবে কোনো ধৰণৰ বান-সাহাৰ্যৰ ব্যৱস্থা নকৰি কেৱল বানপানীৰ খবৰ লোৱাৰ চলেৰে আগন্তুক ২০২১ৰ বিধান সভাৰ নিৰ্বাচনৰ বাবে ৰাজনীতি কৰিব বিচৰাৰ অভিযোগ তুলি স্থানীয় বান বিধস্ত ৰাইজ খৰ্গহস্ত হৈ পৰে এই দুই জন প্ৰতিনিধিৰ ওপৰত ।