মৰিগাঁও, 5 ডিচেম্বৰ:মৈৰাবাৰীত অনুষ্ঠিত হয় সদৌ অসম ভিত্তিক ক্ৰিকেট খেলৰ চূড়ান্ত প্ৰতিযোগিতা । মৈৰাবাৰী ভিক্টোৰিয়া ক্লাৱৰ উদ্যোগত সদৌ অসম ভিত্তিত, স্বৰ্গীয় আব্দুল কাদিৰ মুক্তাৰ আৰু হবিবুৰ ৰহমান মড়ল সোঁৱৰণী প্ৰাইজমানী নকআউট T-20 ক্ৰিকেট প্ৰতিযোগিতা মৈৰাবাৰী ইন্দিৰা খেল পথাৰত অনুষ্ঠিত হৈছিল যোৱা ১১ অক্টোবৰৰ পৰা । এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ 16 টাকৈ ক্ৰিকেট দলে অংশগ্ৰহণ কৰিছিল । আটাইকেইখন খেলৰ অন্তত দেওবাৰে দিনৰ 10 বজাৰ পৰা অনুষ্ঠিত হয় চূড়ান্ত খেলখন ।
মৈৰাবাৰীত অসম ভিত্তিক ক্ৰিকেট খেলৰ চূড়ান্ত প্ৰতিযোগিতা - moirabari
মৈৰাবাৰীত অনুষ্ঠিত হয় সদৌ অসম ভিত্তিক ক্ৰিকেট খেলৰ চূড়ান্ত প্ৰতিযোগিতা । চূড়ান্ত খেলখনত মিজান ইলেভেন দুমদুমীয়া দলৰ বিপৰীতে অৱতীৰ্ণ হ'ব মামা ইলেভেন নগাঁও ।
চূড়ান্ত খেলখনত মিজান ইলেভেন দুমদুমীয়া দলৰ বিপৰীতে অৱতীৰ্ণ হ'ব মামা ইলেভেন নগাঁও । বিজয়ী দলক নগদ ৭০ হাজাৰ টকাৰ লগতে ট্ৰফীৰে পুৰস্কৃত কৰাৰ লগতে ৰাণাৰ্চ আপ দলে লাভ কৰিব ট্ৰফী আৰু নগদ ৩০ হাজাৰ টকা । ক্ৰিকেট খেলখনত ক'ভিড প্ৰটকল ৰক্ষা কৰি উপভোগ কৰিবলৈ ভেক্টেৰিয়া ক্লাৱৰ সভাপতি মেহবুব হাচানে সকলোকে আমন্ত্ৰণ জনাইছে। ফাইনেল ক্ৰিকেটখেলত গৰীবৰ বন্ধু বুলি পৰিচিত বিৰাজ হাজৰিকা দেৱ উপস্থিত থকাৰ উপৰিও অঞ্চলৰ ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক:দিল্লীলৈ সোণোৱালৰ চিঠি: ডিব্ৰুগড় দূৰদৰ্শন আৰু অনাতাৰ কেন্দ্ৰক বৰ্তমানৰ ৰূপতে বাহাল ৰাখক