মৰিগাঁও,২০ অক্টোবৰ: পৰ্যটক সকলৰ বাবে সুখবৰ । শুকুৰবাৰৰ পৰা আনুষ্ঠানিকভাৱে ২০২৩-২৪ বৰ্ষৰ বাবে পৰ্যটকৰ বাবে মুকলি কৰা হয় বিশ্ব বিশ্ৰুত এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্য । শুকুৰবাৰে অসম চৰকাৰৰ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মাংগলিক পৰিৱেশৰ মাজেৰে অভয়াৰণ্যখনৰ দ্বাৰ মুকলি কৰে । বনমন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই ।
দেশী-বিদেশী পৰ্যটকৰ বাবে পবিতৰাৰ দ্বাৰ মুকলি কৰে বন মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰী পীযুষ হাজৰীকাক লগতে লৈ মুকলি কৰা পবিতৰা অভয়াৰণ্যক ন-কইনাৰ দৰে সজাই পৰাই তোলে অভয়াৰণ্য কৰ্তৃপক্ষই । মন্ত্ৰী দুগৰাকীক গায়ন-বায়নৰে আদৰণি জনাই অঞ্চলটোৰ ৰাইজে । ৰাইজৰ আতিথ্যত অভিভূত হৈ পৰে মন্ত্ৰী দুগৰাকী । ভাষণ প্ৰসংগত বৰ্তমান অসমত পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱা বুলি উল্লেখ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । যাদু নগৰী মায়ঙৰ প্ৰতিখন গাঁৱৰ ৰাইজ তথা জীয়ৰী-বোৱাৰীয়ে পৰ্যটকসকলক ভাল ব্যাৱহাৰেৰে আদৰণি জনাবলৈ আহ্বান জনাই বন মন্ত্ৰীগৰাকীয়ে ।