অসম

assam

মৰিগাঁৱত আৰক্ষীৰ পোছাকত অহা ডকাইতে লুটিলে 12 লাখ টকা

By

Published : Jan 23, 2020, 1:30 PM IST

মৰিগাঁৱৰ ধৰমতুল আৰক্ষী থানাৰ অন্তৰ্গত মাটিপৰ্বতত সংঘটিত হয় ডকাইতিৰ ঘটনা ৷ আৰক্ষী আৰু চি আৰ পি এফৰ পোছাকত অহা 6 ডকাইতে লুটি নিলে ১২ লাখ টকা । স্থানীয় এজন ঠিকাদাৰৰ জোঁৱায়েক ইয়াৰুফ হুছেইনৰ পৰা ডকাইতে লুটি নিয়ে ধনখিনি ।

মৰিগাঁও
ডকাইতি

মৰিগাঁও,23 জানুৱাৰীঃ মৰিগাঁৱত আৰক্ষী আৰু চি আৰ পি এফৰ পোছাকত 6 ডকাইতে লুটি নিলে ১২ লাখ টকা । চাৰিজন চি আৰ পি আৰু দুজন আৰক্ষী পোছাকধাৰীৰ ডকাইতে সংঘটিত কৰে এই ঘটনা ৷ স্থানীয় এজন ঠিকাদাৰৰ জোঁৱায়েক ইয়াৰুফ হুছেইনৰ পৰা ডকাইতে লুটি নিয়ে ধনখিনি । ডকাইতিৰ ঘটনাতো সংঘটিত হয় মৰিগাঁৱৰ ধৰমতুল আৰক্ষী থানাৰ অন্তৰ্গত মাটিপৰ্বতত ৷ বুধবাৰে সন্ধিয়া প্ৰায় 7.30 বজাত মৰিগাঁৱৰ পৰা আমচৈ ভকচঙত ঠিকা কামৰ ধন দিবলৈ নিয়া হৈছিল ধনখিনি । ঘটনাৰ বিৱৰণী অনুসৰি, প্ৰথমে এজন যুৱকে নম্বৰবিহীন বাইকেৰে আহি চুইফ্​ট ডিজেয়াৰখনৰ চালকৰূপী ঠিকাদাৰজনৰ আগত ৰখি মানুহ খুন্দিয়াই অহা বুলি অভিযোগ কৰি তৰ্ক-বিতৰ্কত লিপ্ত হয় ৷

ডকাইতিৰ ঘটনা

নাটকীয় তথা পৰিকল্পিতভাৱে গাড়ীখন আগভেটি ধৰা যুৱকজনে আৰক্ষীক মাতিম বুলি কোৱাৰ লগে লগে উক্ত খাকী পোছাকধাৰী দলটো আহি AS 01 AM-3734 নম্বৰৰ চুম’ৰে উঠাই নিয়ে । প্ৰায় এঘণ্টীয়া তদন্তৰ পাছত টকাখিনি কাঢ়ি নিয়াৰ বিপৰীতে লোকজনক মুকলি কৰি দিয়ে ডকাইতৰ দলটোৱে । ডকাইতি কাণ্ডটোক গুৰুত্ব সহকাৰে লৈ মৰিগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই তদন্ত অব্যাহত ৰাখিছে ।

লগতে চাওকঃসৰ্বাধিক একাউণ্ট খুলি ৰেকৰ্ড গঢ়িলে গোৱালপাৰা ডাক সংমণ্ডলে

ABOUT THE AUTHOR

...view details