মৰিগাঁও,10 মাৰ্চ: ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 80নং মৰিগাঁও বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে প্ৰস্তাৱক আৰু সমৰ্থকক তথা গায়ন-বায়ন আৰু ভাৱৰীয়া সকলৰ সৈতে সমদল কৰি জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত দাখিল কৰে মনোনয়ন পত্ৰ ৷
মৰিগাঁৱত ৰমাকান্ত দেউৰীৰ মনোনয়ন প্ৰত্ৰ দাখিল
মৰিগাঁৱত কেইবা সহস্ৰাধিক সমৰ্থকৰে জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ সমদল কৰি আহি মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ ৷
মৰিগাঁৱত ৰমাকান্ত দেউৰীৰ মনোনয়ন প্ৰত্ৰ দাখিল
উল্লেখ্য যে, ইয়াৰ পূৰ্বে মৰিগাঁও স্কুল খেলপথাৰত সমৰ্থকৰ আগত চমু নিৰ্বাচনী ভাষণ ৰাখি বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে, ৰাইজৰ উপস্থিতিয়েই প্ৰমাণ কৰিছে আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনত মৰিগাঁও সমষ্টিত বিজেপিৰ জয় নিশ্চিত । আনহাতে, ইয়াৰ অংশৰূপে বিধায়ক ৰমাকান্ত দেউৰীক সংগ দিয়ে অসম চৰকাৰৰ স্বতন্ত্ৰ স্বাস্থ্য মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকাই ।
লগতে পঢ়কঃউজনিত কংগ্ৰেছৰ কোনো প্ৰভাৱ নাই: মন্ত্ৰী পীয়ুষ হাজৰিকা