অসম

assam

মৰিগাঁৱত কৃষি বিজ্ঞান গৱেষণা কেন্দ্ৰত মত বিনিময় অনুষ্ঠান

By

Published : Jan 2, 2021, 6:19 AM IST

Updated : Jan 2, 2021, 7:18 AM IST

মৰিগাঁৱৰ জিলা কৃষি বিজ্ঞান গৱেষণা কেন্দ্ৰত সম্পন্ন মত বিনিময় অনুষ্ঠান । উক্ত অনুষ্ঠানৰ জিলাখনৰ ভিন্ন স্থানৰ কৃষকৰ অংশগ্ৰহণ ৷

মৰিগাঁৱত কৃষি বিজ্ঞান গৱেষণা কেন্দ্ৰত মত বিনিময় অনুষ্ঠান
মৰিগাঁৱত কৃষি বিজ্ঞান গৱেষণা কেন্দ্ৰত মত বিনিময় অনুষ্ঠান

মৰিগাঁও,2 জানুৱাৰী: ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে মৰিগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰত জিলাখনৰ প্ৰগতিশীল কৃষকৰ কৃষি পদ্ধতিৰ ব্যৱহাৰ শীৰ্ষক এটি মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয় ৷ জিলা কৃষি বিজ্ঞান গৱেষণা কেন্দ্ৰৰ অধ্যক্ষ ডঃ ৰিজুস্মৃতা শৰ্মা ডেকাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে জিলাখনৰ ডেৰ কুৰিৰো অধিক প্ৰগতিশীল কৃষকে ৷ এই অনুষ্ঠানত উপস্থিত কৃষকসকলে শেহতীয়াকৈ ব্যৱহাৰ কৰা কৃষি পদ্ধতি আৰু ইয়াৰ তুলনামূলক উপকাৰিতাৰ বিষয়ে নিজ অভিজ্ঞতা ব্যক্ত কৰে ৷

মত বিনিময় অনুষ্ঠান সম্পন্ন

উল্লেখ্য যে, জিলাখনৰ ভিন্ন প্ৰান্তৰ কৃষকসকলে পূৰ্বৱতী সময়ছোৱাত কৃষি বিজ্ঞান গৱেষণা কেন্দ্ৰৰ জৰিয়তে লাভ কৰা অগ্ৰগতিৰ বাবে জিলা গৱেষণা কেন্দ্ৰৰ তৰফৰ পৰা একোখনি গামোচা আৰু দিনলিপিৰে সম্বৰ্ধনা জনোৱা হয় ৷ বছৰৰ পহিলা দিনটোতে এনেদৰে জিলাখনৰ কৃষকসকলক আমন্ত্ৰণ জনাই যচা সন্মানৰ বাবে অনুষ্ঠানৰ উদ্যোক্তাসকলক সম্বৰ্ধনা জনাই কৃষকসকলে ৷

লগতে চাওকঃবিগত দুটা বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হ্ৰাস পাইছে গঁড় হত্যাৰ ঘটনা

Last Updated : Jan 2, 2021, 7:18 AM IST

ABOUT THE AUTHOR

...view details