মৰিগাঁও,17 অক্টোবৰ : আজি কাতি বিহু ৷ আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনটোত চহা অসমীয়াই পালন কৰে কাতি বিহু ৷ কাতি বিহু মানে চহা কৃষকৰ মনত আশাৰ সঞ্চাৰ হোৱাৰ সময় ৷ গেৰ ধৰা আহিন বাগৰি কাতি মাহ পৰাৰ সময়তে কৃষকে আশা কৰে বছৰটোলৈ দুমুঠি ধান বেছিকৈ পাবলৈ ৷ কাতি বিহুৰ দিনটোত ধাননি চপাই-চিকুনাই সন্ধিয়া চাকি জ্বলোৱাৰ লগতে শৰাই আগবঢ়াই ঈশ্বৰৰ নাম লয় আৰু কোনো কোনো ঠাইত আকাশ বন্তিও জ্বলোৱা হয় ৷
অৱশ্যে কৰ’ণা মহামাৰীৰ মাজতে এইবাৰ অসমীয়া সমাজে অনুষ্টুপীয়াকৈ পালন কৰিব হেঁপাহৰ বিহুটি ৷ পৰম্পৰাগত কৃষি ভিত্তিক মাংগলিক লোকপৰ্ব উপলক্ষে পথাৰে-ঘৰে চাকি-বন্তি জ্বলোৱাৰ লগতে কাতি বিহুৰ বিশেষ ঘোষা পদ ‘‘কাতি মাহত কাতি দেউল আনৰ ধান আউল বাউল,আমাৰ ধান মলুখা চাইল’’ গাব কৃষক ৰাইজে ৷
পুৱাৰ ভাগতে পথাৰলৈ আহিছে চহা কৃষকসকল । সকলোৱে ঘৰৰ চোতালত ৰোৱা তুলসী তলত জ্বলাব এগছি বন্তি । প্ৰচলিত কাতি বিহুৰ নাম ফাঁকি ‘‘তুলসীৰ তলে তলে মৃগ পহু চৰে,তাকে দেখি ৰামচন্দ্ৰই শৰ-ধনু ধৰে’’ৰে মুখৰিত হ’ব গঞাৰ চোতাল । বন্তি জ্বলাই পথাৰৰ লখিমী ঘৰলৈ কুশলে ঘৰৰ চোতাললৈ আহিবলৈ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাব ।