অসম

assam

ককায়েকৰ হাতত প্ৰাণ গ'ল দহ বছৰীয়া শিশুৰ

By

Published : Apr 27, 2019, 2:23 PM IST

মৰিগাঁৱৰ ময়নগুৰিত সংঘটিত হয় এই ঘটনা ৷ শনিবাৰে পুৱা দহ বছৰীয়া ছাত্ৰগৰাকী বিদ্যালয়লৈ যাবলৈ অমান্তি হোৱাত জ্যেষ্ঠ ভাতৃগৰাকীয়ে গালি-গালাজ কৰিবলৈ লয় ৷ কিন্তু তাৰ পাচতো বিদ্যালয়লৈ যাবলৈ সাজু নোহোৱাত খঙতে ভায়েকৰ গালৈ কাঠৰ টুকুৰা দলিয়ায় ৷

মৰিগাঁৱত ভাতৃয়ে ল'লে ভাতৃৰ প্ৰাণ

মৰিগাঁও, 27 এপ্ৰিল : মৰিগাঁৱত জ্যেষ্ঠ ভাতৃৰ হাতত প্ৰাণ হেৰুৱালে কনিষ্ঠ ভাতৃয়ে ৷ কিশোৰ জ্যেষ্ঠ ভাতৃৰ হাতত প্ৰাণ হেৰুৱায় দহ বছৰীয়া কনিষ্ঠ ভাতৃয়ে ৷

মৰিগাঁৱত ভাতৃয়ে ল'লে ভাতৃৰ প্ৰাণ

মৰিগাঁৱৰ ময়নগুৰিত সংঘটিত হয় এই ঘটনা ৷ শনিবাৰে পুৱা দহ বছৰীয়া ছাত্ৰগৰাকী বিদ্যালয়লৈ যাবলৈ অমান্তি হোৱাত জ্যেষ্ঠ ভাতৃগৰাকীয়ে গালি-গালাজ কৰিবলৈ লয় ৷ কিন্তু তাৰ পাচতো বিদ্যালয়লৈ যাবলৈ সাজু নোহোৱাত খঙতে ভায়েকৰ গালৈ কাঠৰ টুকুৰা দলিয়ায় ৷ কাঠৰ টুকুৰা আহি শিশুটিৰ ডিঙিত পৰাত গুৰুতৰভাৱে আহত হয় ৷ তৎক্ষণাত শিশুটিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ ঘটনাস্থলীত বৰ্তমানে আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত৷

ABOUT THE AUTHOR

...view details