অসম

assam

ETV Bharat / state

মৰিগাঁৱত বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ইতিমধ্যে বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে মন্ত্ৰী,বিধায়কসহ মৰিগাঁৱত উপস্থিত হয় সৰ্বানন্দ সোণোৱাল ৷ বানত মৃত্যু হোৱা তিনি পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ৷

Chief Minister Sarbananda Sonoal vist flood At Morigaon
মৰিগাঁৱত বান পৰিস্থিতি পৰিদৰ্শন মুখ্য মন্ত্ৰী সোণোৱালৰ

By

Published : Jul 19, 2020, 4:59 PM IST

মৰিগাঁও, 19 জুলাইঃদেওবাৰে মৰিগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । জিলাখনৰ বিভিন্ন ঠাইত হোৱা বান পৰিস্থিতি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

বান পৰিস্থিতি বুজ লোৰা উদ্দেশ্যে দেওবাৰে মৰিগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ইতিমধ্যে বিভিন্ন জিলাৰ লগতে মৰিগাঁৱতো ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হোৱাত ঘৰ দুৱাৰকে ধৰি লাখ লাখ পশুধনৰ বিস্তৰ ক্ষতি সাধন হয় ৷ সেই বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে মৰিগাঁৱৰ জাগীৰোড সমষ্টিৰ ঝাৰগাঁৱত উপস্থিত হৈ বানাক্ৰান্ত লোকসকলৰ পৰিস্থিতি বুজ লয় মুখ্যমন্ত্ৰী জনে । লগতে বানপানীত মৃত্যু হোৱা তিনিজন লোকৰ আত্মীয়ক প্ৰদান কৰে চেক । মুখ্যমন্ত্ৰী গৰাকীয়ে জাগীৰোডৰ মনহা,ঘগুৱা,পকৰীয়া আদি মৌজাৰ বহুকেইটা আশ্ৰয় শিবিৰত উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লয় ।

মৰিগাঁৱত বান পৰিস্থিতি পৰিদৰ্শন মুখ্য মন্ত্ৰী সোণোৱালৰ

মুখ্যমন্ত্ৰীয়ে বান পৰিস্থিতি বুজ লোৱাৰ সময়ত সংগ দিয়ে জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত,ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী তথা জাগীৰোডৰ সমষ্টিৰ বিধায়ক পীয়ূষ হাজৰিকা আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ।

লগতে পঢ়ক-সৰ্বানন্দ সোণোৱাললৈ টেলিফোন প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details