অসম

assam

ETV Bharat / state

মৰিগাঁৱত ভয়ংকৰ গৰাখহনীয়া, জলসম্পদ বিভাগৰ লুন্ঠন !!

লাহৰীঘাট কাঠনীত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ খহনীয়া ৷ প্ৰতিৰোধৰ নামত মৰিগাওঁ জিলা জলসম্পদ বিভাগৰ ভেঁকোভাওনা!!

প্ৰতিৰোধৰ নামত মৰিগাওঁ জিলা জলসম্পদ বিভাগৰ ভেকোভাওনা

By

Published : May 22, 2019, 1:55 PM IST

মৰিগাঁও,22 মে': মৰিগাওঁ জিলাৰ লাহৰীঘাট কাঠনিত বিগত প্ৰায় ডেৰ মাহ ধৰি ব্ৰহ্মপুত্ৰ নদীৰ প্ৰচণ্ড গৰাখহনীয়াই উছন কৰিছে শ-শ বিঘাৰ মাটি ভেটি ৷ কিন্তু নদীৰ খহনীয়া প্ৰতিৰোধৰ নামত কোটি কোটি টকাৰ অপচয় কৰিছে বিভাগীয় কৰ্তৃপক্ষই ৷

প্ৰতিৰোধৰ নামত মৰিগাওঁ জিলা জলসম্পদ বিভাগৰ ভেকোভাওনা

জলসম্পদ বিভাগে এছাম লুন্ঠনকাৰী ঠিকাদাৰৰ লগত মিলিত হৈ পৰ্কোপাইনৰ ধন লুন্ঠনৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মৰিগাঁৱৰ স্থানীয় ৰাইজে ৷ ইতিমধ্যে এই খহনীয়া প্ৰতিৰোধৰ নামত মৰিগাওঁ জলসম্পদ বিভাগে প্ৰায় কোটি টকাৰ পৰ্কোপাইন নদীৰ কাষতে পেলাই থোৱা পৰিলক্ষিত হৈছে। এনেদৰে পেলাই থোৱা পৰ্কোপাইনে ৰাইজৰ মাজত সৃষ্টি কৰিছে বিৰূপ প্ৰতিক্ৰিয়াৰ ৷ শীঘ্ৰেই ঘটনাৰ উচিত তদন্তৰ দাবী স্থানীয় ৰাইজৰ ৷

ABOUT THE AUTHOR

...view details