অসম

assam

ETV Bharat / state

মৰিগাঁৱৰ ঘাঁহনি হাটে মুকলি কৰিছে দুই শ্ৰেণী লোকৰ জীৱিকাৰ পথ

ঘাঁহ বিক্ৰী কৰি শতাধিক লোকে চলাইছে পৰিয়াল । আনহাতে পৰোক্ষভাৱে গোপালক সকলেও এই ঘাঁহনি বজাৰখনৰ উপকৃত

By

Published : May 4, 2019, 12:20 PM IST

মৰিগাঁৱৰ ঘাঁহনি হাটে মুকলি কৰিছে দুই শ্ৰেণী লোকৰ জীৱিকাৰ পথ

মৰিগাঁও, 4 মেঃ এখন বিশেষ হাট । মৰিগাঁও শ্বহীদ কমলা-পৰাগ পথৰ ঘাঁহৰ হাটখনত সপ্তাহৰ সকলো বাৰতে থাকে ক্ৰেতা-বিক্ৰেতাৰ ভীৰ৷ কাৰণ দলনিপথাৰৰ পৰা বিভিন্ন ধৰণৰ ঘাঁহ কাটি বিয়লি লৈ মৰিগাঁও চহৰৰ এই বিশেষ বজাৰ খনলৈ আহে বহু ক্ৰেতা । যোৰা হিচাপে বিক্ৰী কৰা হয় এই ঘাঁহৰ পলা ।

আনহাতে জিলাখনৰ গোপালক সকলেও বিয়লি যোৰাই যোৰাই ক্ৰয় কৰে ঘাঁহ । আচহুৱা যেন লাগিলেও এনেদৰে ঘাঁহ বিক্ৰী কৰি শতাধিক লোকে চলাইছে পৰিয়াল । আনহাতে পৰোক্ষভাৱে গোপালক সকলেও এই ঘাঁহনি বজাৰখনৰ উপকৃত হোৱা জানিবলৈ দিয়ে ।

মৰিগাঁৱৰ ঘাঁহনি হাটে মুকলি কৰিছে দুই শ্ৰেণী লোকৰ জীৱিকাৰ পথ

ABOUT THE AUTHOR

...view details