অসম

assam

মাজুলী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰৰ সংবাদ মেল

By

Published : May 23, 2021, 9:39 PM IST

মাজুলী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰৰ সংবাদ মেল ৷  মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰৰ সত্ৰধিকাৰ ননীগোপাল গোস্বামীৰ আলফা(স্বা) লৈ আহ্বান ৷ আলফা(স্বা) ক আলোচনালৈ আহ্বান দক্ষিণপটিয়া সত্ৰাধিকাৰৰ ৷

satradhikar-invite-ulfa-to-discuss
মাজুলী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰৰ সংবাদ মেল

মাজুলী, 23 মে':মাজুলী ঐতিহাসিক দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননী গোপাল গোস্বামীৱে আহ্বান কৰা এক সংবাদমেল যোগে সংযুক্ত মুক্তি বাহিনী অসম (স্বা)ক চৰকাৰৰ সৈতে আলোচনাত বহিবলৈ আহ্বান জনায় । আলোচনাৰ বাবে চৰকাৰৰ সদিচ্ছাৰ প্ৰতি আলফা (স্বা)ৰ যোগাত্মক সঁহাৰিৰ পৰিপ্ৰেক্ষিতত এই আলোচনা যেন সফল হ'য় তাকে কামনা কৰি সত্ৰাধিকাৰ গৰাকীয়ে মহাভাৰতৰ উদাহৰণ দি কয় যে অসমত শান্তি প্ৰতিস্থা কৰিবলৈ আৰু সোণৰ অসম নিৰ্মাণ কৰিবলৈ দুয়োপক্ষৰ মাজত এই আলোচনা সম্পন্ন হ'ব লাগে ।

মাজুলী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰৰ সংবাদ মেল

সত্ৰাধিকাৰ গৰাকীয়ে পৰেশ বৰুৱাক আহ্বান জনায় যে, সকলো স্বাৰ্থৰ উৰ্ধত গৈ জাতি-মাটি-ভেটিৰ ৰক্ষাৰ বাবে এই আলোচনা যথেষ্ট গুৰুত্বপূৰ্ণ আৰু অসমৰ দীৰ্ঘদিনীয়া সমস্যা সমাধনৰ বাবে উভয় পক্ষৰ ত্যাগসিক্ত মানসিকতাৰে আলোচনাৰ মাধ্যমেৰে সকলো সমস্যাৰ অন্ত পৰিব আৰু অসমে যোগাত্মক এক পৰিৱেশ লাভ কৰিব ৷ ইয়াৰ উপৰিও এনে বিষয়ত যদি কোনো সহায় বা কৰণীয় থাকে তেন্তে সত্ৰাধিকাৰ গৰাকীয়ে সহায় কৰিব বুলি জনায় ।

অ’এন জি চি ৰ কৰ্মচাৰী ৰিতুল শইকীয়াক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানত মুকলি কৰি দিয়াতো আলফা স্বাধীনৰ মুখ্য সেনাধক্ষ পৰেশ বৰুৱাক ধন্যবাদ জনাই সত্ৰাধিকাৰগৰাকীয়ে ৷

লগতে পঢ়ক :চামগুৰিত আটক ড্ৰাগছ সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details