অসম

assam

By

Published : Oct 24, 2020, 2:28 PM IST

ETV Bharat / state

বিজেপি শাসন ওফৰাই গঠন কৰিব মিত্ৰজোঁটৰ চৰকাৰ: ৰকিবুল হুছেইন

দুদিনীয়া কাৰ্য্য়সূচীৰে মাজুলীত উপস্থিত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইন ৷ মাজুলীৰ বৰ্তমানৰ ছবিখন মুঠেই সন্তোষজনক নহয় বুলি মন্তব্য ৷ একালৰ বন্ধু তথা প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষকসকলক বিগত দিনত কৰি অহা অপমান সূচক আচৰণৰ উচিত উত্তৰ পাব বুলিও মন্তব্য় কৰে ৷

Rakibul Hussain at majuli
বিজেপিৰ শাসন ওফৰাই ২০২১ত গঠণ কৰিব মিত্ৰজোঁটৰ চৰকাৰ: ৰকিবুল হুছেইন

মাজুলী, 24 অক্টোবৰ: বিৰোধী দলৰ উপ-দলপতি তথা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনে দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হয় ৷ সাংবাদিক সকলক সম্বোধন কৰি মাজুলীৰ বৰ্তমানৰ ছবিখন মুঠেই সন্তোষজনক নহয় বুলি মন্তব্য কৰে । বিগত সময়ত কংগ্ৰেছ চৰকাৰে আৰম্ভ কৰি থৈ যোৱা বাট-পথ সমূহ মেৰামতি কৰি বাহ বাহ লোৱা বিজেপি চৰকাৰে মাজুলীৰ ৰাইজক ভূমি পট্টা দিয়াৰ নামতো চূড়ান্ত ৰাজনীতি কৰিছে ৷ ঘৰ-ভেটি হেৰুৱাই মথাউৰিৰ পাৰত অস্থায়ীভাৱে বাস কৰি অহা প্ৰকৃত ভূমিহীনক পুঃন সংস্থাপন আৰু ভূমি পট্টা প্ৰদান নকৰাকৈ পূৰ্বৰে পৰা ঘৰ সাজি বসতি কৰি অহা মাটি থকা মানুহকহে ভূমি পট্টা প্ৰদান কৰা হৈছে বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে । পৰ্যটনৰ দিশতো মাজুলী বৰ্তমান সময়ত পিছপৰি থকাটো দুৰ্ভাগ্যজনক ৷

বিজেপিৰ শাসন ওফৰাই ২০২১ত গঠণ কৰিব মিত্ৰজোঁটৰ চৰকাৰ: ৰকিবুল হুছেইন

চামগুৰিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰীজনে একালৰ বন্ধু তথা প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষকসকলক বিগত দিনত কৰি অহা অপমান সূচক আচৰণৰ বিৰোধিতা কৰাৰ উপৰিও অসমৰ ৰাইজৰ গণতান্ত্ৰিক আন্দোলন CAA ক চূড়ান্ত দমন নীতিৰে প্ৰতিহত কৰিবলৈ চেষ্টা কৰা বিজেপি চকাৰৰ শাসন ওফৰাই অসমত ২০২১ চনত গৰিষ্ঠ সংখ্যক আসনত জয়ী হৈ কংগ্ৰেছে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

লগতে পঢ়ক:মৰাণত এটা শৌচালয়ক লৈ সৰৱ চৰ্চা

ABOUT THE AUTHOR

...view details