অসম

assam

ETV Bharat / state

মাজুলীত ভোট গণনাৰ প্ৰস্তুতি তুংগত

দেওবাৰে পূৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব ৰাজ্যৰ ভোটগণনা প্ৰক্ৰিয়া ৷ অসমৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত এটা উল্লেখযোগ্য সমষ্টি হ'ল ৯৯ নং মাজুলী বিধানসভা সমষ্টি ৷ ভোটগণনাৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে মাজুলী জিলা প্ৰাশাসন ৷ সেই উপলক্ষে প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে জিলাখনত ৷

By

Published : May 1, 2021, 8:32 PM IST

majuli-district-adminidtration-fully-ready-for-vote-counting
মাজুলীত ভোট গণনাৰ প্ৰস্তুতি তুংগত

মাজুলী,1 মে': মাজুলীত ভোট গণনাৰ প্ৰস্তুতি তুংগত । অসমৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত এটা উল্লেখযোগ্য সমষ্টি হ'ল ৯৯ নং মাজুলী বিধানসভা সমষ্টি । এই বিধানসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মাজুলী জিলা প্ৰশাসন সাজু হৈছে ভোট গণনাৰ বাবে । দেওবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব ভোটগণনা । ভোট গণনাৰ বাবে মাজুলী জিলা প্ৰশাসনে সম্পূৰ্ণ কৰি তুলিছে যাৱতীয় কাম-কাজ ।

মাজুলীত ভোট গণনাৰ প্ৰস্তুতি তুংগত

ভোট গণনাৰ লগত জড়িত লোকসকলৰ সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি ক’ভিড পৰীক্ষা কৰা হৈছে । মাজুলী জিলা প্ৰশাসনে ভোট গণনাৰ দিনা ১৪৪ ধাৰা জাৰি কৰিছে । তিনিটা হলত ১৭ খন টেবুলত, ১০৮ জন বিষয়াই ১৪ টা ৰাউণ্ডত কৰিব ভোট গণনা । বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল, কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী ৰাজীৱ লোচন পেগু, অসম জাতীয় পৰিষদৰ শিশুধৰ দলে, কমিউনিষ্ট দলৰ ভাইটি ৰিচং, নিৰ্দলীয় পাৰ্থী পদ্ম পেগুৰ ভাগ্য বন্দী হৈছে ইভিএমত ৷

লগতে পঢ়ক :চিকিৎসালয়সমূহে অভিজ্ঞতাৰ পৰা শিকিব লাগে: উচ্চ ন্যায়ালয়

ABOUT THE AUTHOR

...view details