অসম

assam

Women empowerment: ১৫ হাজাৰ কিলোমিটাৰ চাইকেল চলাই মাজুলীত উপস্থিত মধ্য প্ৰদেশৰ যুৱতী

By

Published : May 11, 2023, 2:24 PM IST

সাঁত মাহত ১৫ হাজাৰ কিলোমিটাৰ চাইকেল চলাই মাজুলীত উপস্থিত মধ্য প্ৰদেশৰ যুৱতী আাশা মালৱীয় (Aasha Malviya) মহিলা সৱলীকৰণৰ সুন্দৰ বাৰ্তা লৈ ২৫ হাজাৰ কিলোমিটাৰ চাইকেল যাত্ৰাৰ পৰিকল্পনা আাশাৰ (Cycle journey for women empowerment)।

Cycle journey for women empowerment
মধ্য প্ৰদেশৰ যুৱতী আাশা মালৱীয়

মধ্য প্ৰদেশৰ যুৱতী আাশা মালৱীয়

মাজুলী, ১১ মে:দেশৰ বিভিন্ন ৰাজ্য়ৰ ২৫ হাজাৰ কিলোমিটাৰ চাইকেল চলাই পৰিভ্ৰমণৰ লক্ষ্যৰে মধ্য প্ৰদেশৰ ৰাজগড় জিলাৰ পৰা নদীদ্বীপ মাজুলীত উপস্থিত হয় আশা মালৱীয় (Cycling of Aasha Malviya) নামৰ এগৰাকী যুৱতী । এই গৰাকী যুৱতীয়ে আজি সাঁতমাহে চাইকেল চলাই ১৬ খন ৰাজ্য অতিক্ৰম কৰি মাজুলীৰে নগালেণ্ড অভিমুখে যাত্ৰা কৰাছে (Cycling from Madhya Pradesh to Majuli) ৷ সাঁত মাহত ১৫ হাজাৰ কিলোমিটাৰ চাইকেল চলাই মাজুলীত উপস্থিত হোৱাত মধ্য প্ৰদেশৰ সাহসী যুৱতী আাশা মালৱীয়াক আদৰণি জনোৱা হয় । মহিলা সৱলীকৰণৰ সুন্দৰ বাৰ্তা লৈ তেওঁ ২৫ হাজাৰ কিলোমিটাৰ চাইকেলেৰে যাত্ৰাৰ পৰিকল্পনা কৰা বুলি কয় ।

উল্লেখ্য় যে ২০২২ চনৰ ১ নৱেম্বৰত ভূপালৰ পৰা এই যুৱতীগৰাকীয়ে যাত্ৰা আৰম্ভ কৰি দেশৰ বিভিন্ন ঠাই চাইকেল চলাই পৰিভ্ৰমণ কৰি বৰ্তমানলৈকে ১৫ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰিছে ৷ মাজুলীত উপস্থিত হোৱা আশা মালৱীয়াক জিলা উপায়ুক্ত কাৰ্যালয়ত জিলা প্ৰশাসনৰ তৰফৰ পৰা আদৰণি জনোৱা হয় । মাজুলীৰ বিভিন্ন সত্ৰ ,মাজুলীৰ সাংস্কৃতিক ঐতিহ্যৰ পৰিৰ্দশন কৰি,জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দিশ সমূহৰ জ্ঞান আহৰণ কৰাৰ মানসিকতাৰে মাজুলীৰ পৰা নগালেণ্ডলৈ ৰাওনা হয় যুৱতীগৰাকী ।

মাজুলীত তেওঁ কয়," মহিলা সৱলীকৰণ আৰু স্বাৱলম্বনৰ শ্লোগান লৈ মই এই চাইকেল যাত্ৰা আৰম্ভ কৰিছিলো । আজি মই অনুভৱ কৰো আমাৰ দেশে মহিলাৰ বাবে বহু খিনি কাম কৰিছে । মহিলাৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব দি কাম কৰি আহিছে বাবেই মই আজি সাঁতমাহে চাইকেল লৈ মোৰ যাত্ৰা কোনো অসুবিধা নোহোৱাকৈ চলাই যাব পাৰিছো ।"

তেওঁ কয় যে আমাৰ দেশত মহিলা সুৰক্ষিত নহয় বুলি বিভিন্ন সময়ত শুনা যায় যদিও সেয়া প্ৰকৃত সত্য নহয় ৷ যুৱতীগৰাকীয়ে কয়,"মহিলাক সুৰক্ষিত কৰিবলৈ আমাৰ দেশে সদায় কাম কৰি আহিছে আৰু মই অনুভৱ কৰো আজিৰ তাৰিখত আমাৰ দেশত মহিলা সুৰক্ষিত ৷ চৰকাৰেও মহিলাৰ স্বৱলম্বনৰ বাবে কাম কৰি আহিছে আৰু আমাৰ দেশৰ মহিলা ক্ৰমান্বয়ে স্বৱলম্বী হৈ আহিছে ।"

লগতে পঢ়ক:Jonai police firing : লিকাবালি-মিলনপুৰত অসম আৰক্ষীৰ গুলীচালনা; আহত এটা চোৰ

ABOUT THE AUTHOR

...view details