শিৱসাগৰ, 21 অক্টোবৰ: শিৱসাগৰ প্ৰেছ ক্লাৱৰ উদ্যোগত বৃহস্পতিবাৰে অষ্টাদশ অঞ্জলী দত্ত স্মাৰক বক্তৃতা (18th Anjali Dutta Memorial Lecture) আৰু "দ্য অঞ্জন দত্ত ফাউণ্ডেচন" ৰ কৃতী ছাত্ৰ-ছাত্ৰীক জলপানি প্ৰদান অনুষ্ঠান আয়োজন কৰা হয় (18th Anjali Dutta Memorial Lecture in Shivsagar) ৷
শিৱসাগৰত অষ্টাদশ অঞ্জলী দত্ত স্মাৰক বক্তৃতা অনুষ্ঠান এই অনুষ্ঠানটোৰ জৰিয়তে সামগ্ৰিকভাৱে বৰ অসম তথা বৃহত্তৰ অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত জনগোষ্ঠীয় ইতিহাস গঠনৰ যি গুৰুত্ব আৰু প্ৰয়োজনীয়তা আছে লগতে জনগোষ্ঠীয় ইতিহাসৰ যি তাৎপৰ্য আছে বিশেষতঃ জাতি জনগোষ্ঠীয় পৰিচয় সেই সন্দৰ্ভত নিৰ্মোহভাৱে বিশ্লেষণ কৰা হয় ৷
"আমি বুৰঞ্জী নিৰ্ভুল আৰু সত্য বিশ্লেষণ কৰিব লাগিব ৷ বুৰঞ্জীক আমি কোনোধৰণৰ আবেগ প্ৰদৰ্শন নকৰাকৈ উপস্থাপন কৰিব লাগিব ৷ আমি পূৰ্ণাংগ অসমৰ ইতিহাস তেতিয়াহে পাম যেতিয়া আমি জনগোষ্ঠীয় ইতিহাসৰ অধ্যয়ণ পূৰ্ণ কৰিব পাৰিম ৷" উত্ত বিষয়ৰ ওপৰত এই মন্তব্য প্ৰকাশ কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ নিৰোদ বৰুৱাই (Dr Nirod Barua Vice Chancellor)।
লগতে পঢ়ক:Basistha Dev Sarma health is deteriorating: ক্ৰমাৎ অসুস্থ হৈ পৰিছে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা
এই অনুষ্ঠানত অষ্টাদশ অঞ্জলী দত্ত স্মাৰক বক্তৃতা আৰু "দ্য অঞ্জন দত্ত ফাউণ্ডেচন" ৰ তত্বাৱধানত অঞ্চলটোৰ কৃতী ছাত্ৰ-ছাত্ৰীক জলপানি প্ৰদান কৰা হয় ৷ অনুস্থানটি উদ্বোধন কৰে জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱে ।অনুস্থানৰ নিৰ্ধাৰিত বিষয়ৰ ওপৰত এক বিশ্লেষণমূলক বক্তৃতা দাঙি ধৰে উপাচাৰ্য ড৹ নিৰোদ বৰুৱাই ৷
প্ৰেছ ক্লাবৰ সভাপতি ড৹ সব্যসাচী মহন্তই উক্ত বিষয়ত অধ্যয়নৰ প্ৰয়োজনৰ লগতে অসম বুৰঞ্জীৰ বিষয়ে অধিক জানিব পৰা যাব বুলি মন্তব্য আগবঢ়ায় ৷ অনুস্থানটোত কেইবাজনো বিশিষ্ট নিমন্ত্ৰিত অতিথি উপস্থিত থকাৰ লগতে যথেষ্ট সংখ্যক ছাত্ৰ- ছাত্ৰী উপস্থিত থাকে । অনুস্থানটিৰ আঁত ধৰে প্ৰেছ ক্লাবৰ সম্পাদক খলিলুৰ ৰহমান হাজৰিকাই ৷
লগতে পঢ়ক:Green Action Week 2022: প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ গোপন কেমেৰাত বন্দী একাংশ নাগৰিকৰ কৰ্মকাণ্ড