লখিমপুৰ, ৭ জুন: জয়ৰামপুৰৰ পানবাৰীত সংঘটিত হোৱা ঘটনাৰ প্ৰতিবাদত কঁপিছে লখিমপুৰ জিলা ৷ অৰুণাচলীৰ গুলীচালনাত দুজনকৈ অসমীয়া লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাৰ প্ৰতিবাদত বিভিন্ন সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ বুধবাৰে জিলাখনৰ হাৰমতীৰ সমীপৰ অৰুণাচল সীমান্তৰ গুমটোত কেইবাটাও সংগঠনে অৰুণাচল সংযোগী পথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে (Assam Arunachal border clash) ৷
বিভিন্ন সংগঠনে এই ঘটনাৰ প্ৰতিবাদত পুত্তলিকা দাহ, পথ অৱৰোধ আদি বিভিন্ন কাৰ্যসূচীৰে প্ৰৱল প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ সোমবাৰে পুৱাৰ ভাগত এই ঘটনা সংঘটিত হোৱাৰ পিচতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সীমান্তবাসী অসমীয়াক সুৰক্ষা দিব নোৱাৰা, সীমা সমস্যা সমাধান কৰিব নোৱাৰা বুলি চৰকাৰক ধিক্কাৰ দি মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে ৷ মঙলবাৰেও প্ৰতিবাদত কঁপে জিলাখন (Firing at Arunachal border) ৷
বহুকেইটা সংগঠনে একেলগে লখিমপুৰ নগৰৰ সমীপৰ পহুমৰাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কিমিনহৈ অৰুণাচলক সংযোগ কৰা পথটো তিনি ঘন্টা ধৰি অৱৰোধ কৰে ৷ সন্ধিয়াও অব্যাহত থাকে প্ৰতিবাদ ৷ অসমীয়া যুৱ মঞ্চই নগৰৰ মাজত ধৰ্ণা দিয়াৰ লগতে সংগঠনটোৰ দুজনকৈ নেতাই মুণ্ডন কৰি এই ঘটনাৰ প্ৰতিবাদ জনায় (Assam Arunachal border dispute) ৷