অসম

assam

ETV Bharat / state

অনিয়মীয়া বিদ্যুৎ যোগানত অতিষ্ঠ বিহপুৰীয়াবাসী

অনিয়মীয়া বিদ্যুৎ যোগানত অতিষ্ঠ হৈছে ৰাজ্যবাসী ৷ ব্যতিক্ৰম নহয় লখিমপুৰৰ জিলাও ৷ লখিমপুৰৰ বিহপুৰীয়াত দিনটোৰ 4 ঘণ্টাও নাথাকে বিদ্যুৎ(Electricity scarcity at Bihpuria) ৷

Electricity scarcity at Bihpuria
অনিয়মীয়া বিদ্যুৎ যোগানত অতিষ্ঠ বিহপুৰীয়াবাসী

By

Published : Jul 11, 2022, 7:05 PM IST

বিহপুৰীয়া, 11 জুলাই: দিনটোত 4 ঘণ্টাও বিদ্যুতৰ যোগান অব্যাহত নাথাকে বিহপুৰীয়াত (Electricity scarcity at Bihpuria)৷ উৎকট গৰমৰ মাজতো বিদ্যুৎ অবিহনেই দিন-ৰাতি কটাবলগীয়া হৈছে বিহপুৰীয়াবাসীয়ে ৷ ফলত অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা ৷

অনিয়মীয়া বিদ্যুৎ যোগানত অতিষ্ঠ বিহপুৰীয়াবাসী

বিগত কেইবাদিনো ধৰি সমগ্ৰ লখিমপুৰ জিলাতে হৈ অহা বিদ্যুতৰ লুকা-ভাকুৱে যমৰ যাতনা ভোগাই আহিছে (Load shedding at Bihpuria) ৷ উৎকট গৰমত অতিষ্ঠ জনতাই কেতিয়া নিয়মীয়াকৈ বিদ্যুৎ লাভ কৰিব সেই কথা জানিবলৈ সোমবাৰে বিহপুৰীয়া বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়ত(Bihpuria APDCL office) উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা দল ৷ বিহপুৰীয়া আঞ্চলিকৰ প্ৰতিনিধি দল দুটা কাৰ্যালয়টোত উপস্থিত হৈ জবাবদিহি কৰে বিহপুৰীয়া বিদ্যুৎ উপ-সংমণ্ডলৰ উপ-প্ৰবন্ধকগৰাকীক ৷

ছাত্ৰ সংগঠন দুটাৰ প্ৰশ্নোত্তৰত উপ-প্ৰবন্ধকগৰাকীয়ে বিভিন্ন প্ৰাকৃতিক কাৰণৰ অজুহাত দাঙি ধৰে ৷ আগন্তুক এসপ্তাহৰ ভিতৰত বিদ্যুৎ যোগান নিয়মীয়া নহ’লে অসম চৰকাৰৰ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ছাত্ৰ সংগঠন দুটাই ৷

লগতে পঢ়ক:Selection Examination of Health department: বতৰ ভাল হ’লেহে স্বাস্থ্য বিভাগৰ বাচনি পৰীক্ষা অনুষ্ঠিত হ’ব !

ABOUT THE AUTHOR

...view details