লখিমপুৰ,১৩ ছেপ্টেম্বৰ:বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাথো দুদিন মানহে বাকী । এই সময়ত পূজাৰ আয়োজক সকলৰ গাত তৰণি নোহোৱা হৈছে(Biswakarma puja preparation) । সমানে ব্যস্ততা বাঢিছে মৃৎশিল্পীসকলৰ । বছৰটোৰ অন্যতম ব্যৱসায়ীক সময় ৰূপে পৰিগণিত এই সময় খিনিত প্ৰতিমা বিক্ৰী কৰি দুপইচা অৰ্জন কৰাত দিনে নিশাই ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল ।
লখিমপুৰ নগৰ এলেকাত থকা মিলন শিল্পালয় আৰু নটৰাজ শিল্পালয়ৰ মৃৎশিল্পীসকলৰ এতিয়া ভীষণ ব্যস্ততা(Potters in Lakhimpur are now busy) । প্ৰতিমাত অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে শিল্পী সকল । মৃৎ শিল্পীসকলৰ এইবাৰ মূখত হাঁহি বিৰিঙিছে । কিয়নো ক‘ভিডে তেওঁলোকৰ ব্যৱসায় ধ্বংস কৰি পেলাইছিল । কোঙা কৰি পেলাইছিল তেওলোকৰ জীৱন জীৱিকা । ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ পাছত এইবাৰ ব্যৱসায়ো কিছু উন্নত হোৱাৰ সপোন দেখিছে এইসকল শিল্পীয়ে ।