অসম

assam

ETV Bharat / state

হুঁচৰিৰ ধনেৰে নিৰ্মাণ দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ

বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ 2নং বৰপথাৰ-জৰাবাৰী সংযোগী পথটো বিগত 30 বছৰেই জৰাজীৰ্ণ হৈ পৰি আছিল ৷ শেহতীয়াকৈ বিহুৰ সময়ত হুঁচৰি মাৰি সংগ্ৰহ কৰা ধনেৰে স্থানীয় যুৱকসকলে মেৰামতি কৰে পথটো ৷ যুৱকসকলৰ এই কামক সকলোৱে প্ৰশংসা কৰিছে ৷

By

Published : Apr 21, 2019, 4:52 PM IST

হুঁচৰিৰ ধনেৰে নিৰ্মাণ দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ

বিহপুৰীয়া, 21 এপ্ৰিলঃবিহপুৰীয়াত দুই কিলোমিটাৰ দীঘল পথ নিৰ্মাণ কৰি সংবাদ শীৰ্ষত আহিছে বৰপথাৰ আৰু জৰাবাৰী গাঁৱৰ স্থানীয় যুৱক-যুৱতীসকল ৷ দুয়োখন গাঁৱৰ যুৱক-যুৱতীসকলে বিগত 30 বছৰে চৰকাৰে সম্পন্ন কৰিব নোৱাৰা কাম সম্পন্ন কৰি আদৰ্শ দাঙি ধৰিছে ৷

হুঁচৰিৰ ধনেৰে নিৰ্মাণ দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ

বিহুৰ সময়ত হুচৰি মাৰি সংগ্ৰহ কৰা সমষ্ট ধন এটি পথ নিৰ্মাণৰ বাবে দান কৰিছে ৷ কেৱল ধনেই নহয় পথটো নিৰ্মাণৰ বাবে শ্ৰমদানো কৰিছে স্থানীয় যুৱক-যুৱতীসকলে ৷ বিগত 30 বছৰে অনাদৃত হৈ পৰি থকা এই পথটো হৈছে বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ 2নং বৰপথাৰ-জৰাবাৰী সংযোগী পথ ৷ বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ ফলতে এইদৰে দুয়োখন গাঁৱৰ ডেকা-বৃদ্ধ সকলোৱে একগোট হৈ বিহু হুঁচৰি মাৰি সংগ্ৰহ কৰা ধনেৰে পথটো মেৰামতি কৰে ৷

ABOUT THE AUTHOR

...view details