নাৰায়ণপুৰ, 9 এপ্ৰিলঃ চ'ছিয়েল মিডিয়াত সাম্প্ৰদায়িক পষ্ট দিয়াৰ অভিযোগত নাৰায়ণপুৰত গ্ৰেপ্তাৰ হ'ল এজন শিক্ষক ।Bihpuria and Gohpur Constituencyনামৰ গ্ৰুপটোত দিয়া কিছুমান পষ্টৰ বাবে 51/2020 নম্বৰত কেইবাটাও ধাৰাত নাৰায়ণপুৰ আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ । শিক্ষকগৰাকী যমুনাখাত গাঁৱৰ প্ৰনৱজ্যোতি শৰ্মা বুলি জানিব পৰা গৈছে । বিহপুৰীয়াৰ উত্তৰ খোলাগুৰী প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত শিক্ষক জনে কেতবোৰ সাম্প্ৰদায়িক পোষ্ট দিয়া বুলি অভিযোগ উত্থাপন হৈছে ।
ফেচবুকত সাম্প্ৰদায়িক পষ্ট দি গ্ৰেপ্তাৰ শিক্ষক
Bihpuria and Gohpur Constituency নামৰ গ্ৰুপটোত বিহপুৰীয়াৰ উত্তৰ খোলাগুৰী প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত এগৰাকী শিক্ষকে, সাম্প্ৰদায়িক পষ্ট দিয়াৰ অভিযোগ উত্থাপন হৈছে । চ'ছিয়েল মিডিয়াত সাম্প্ৰদায়িক পষ্ট দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় শিক্ষক গৰাকীক ।
one teacher of bihpuria arrested for posting cotroversial post in facebook