বিহপুৰীয়া, 17 জানুৱাৰী : সোমবাৰে উদযাপন কৰা হয় নাৰায়ণপুৰৰ অগ্ৰণী অনুষ্ঠান নাৰায়ণপুৰ প্ৰেছ ক্লাৱৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস (31st Foundation Day of Narayanpur Press club) । এই উপলক্ষে নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ কাৰ্যালয়স্থিত পৰাগ কুমাৰ দাস স্মৃতি ভৱনত এখন গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত হয় ।
প্ৰেছ ক্লাবৰ সভাপতি কুমুদ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখন মুকলি কৰে প্ৰাক্তন সাংবাদিক তথা অৱসৰপ্ৰাপ্ত অধ্যাপক কিৰণ চন্দ্ৰ শৰ্মাই । অঞ্চলটোৰ শতাধিক গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰা উক্ত সভাখনতে প্ৰেছ ক্লাবটোৰ ৰূপালী জয়ন্তী অনুষ্ঠানৰ সামৰণি উপলক্ষে প্ৰকাশিত ‘বৰ নাৰায়ণপুৰ’ শীৰ্ষক এখন গৱেষণামূলক গ্ৰন্থ উন্মোচন কৰে বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই ।