অসম

assam

By

Published : Jun 2, 2021, 7:53 PM IST

ETV Bharat / state

চিকিৎসা কৰ্মীক সুৰক্ষাৰ দাবীৰে লখিমপুৰত প্ৰতিবাদ

হোজাইৰ লংকাৰ চিকিৎসক নিগ্ৰহৰ ঘটনাক কেন্দ্ৰ কৰি লখিমপুৰ জিলাতো প্ৰতিবাদ অব্যাহত আছে ৷ এই ঘটনাৰ সন্দৰ্ভত অসম চিকিৎসা সেৱা সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ জিলা সমিতিৰ সম্পাদক ডাঃ ডম্বৰুধৰ মিলিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দোষীক শাস্তি দিয়া দাবী জনোৱাৰ লগতে চিকিৎসকক সুৰুক্ষাৰ দাবী উত্থাপন কৰে ৷

medical personnel Protest in lakhimpur
চিকিৎসা কৰ্মীক সুৰক্ষা দাবীৰে লখিমপুৰতো প্ৰতিবাদ

লখিমপুৰ, 2 জুন : হোজাই লংকাত কৰ্তব্যৰত চিকিৎসকক আক্ৰমণ কৰা ঘটনাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়া ও প্ৰতিবাদ অব্যাহত আছে ৷ লখিমপুৰ জিলাৰ বিভিন্ন চিকিৎসকক সুৰক্ষা প্ৰদান আৰু লংকাত কৰ্তব্যৰত চিকিৎসকক আক্ৰমণ কৰা ঘটনাৰ বিৰোধীতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে চিকিৎসা কৰ্মীসকলে ৷

চিকিৎসা কৰ্মীক সুৰক্ষা দাবীৰে লখিমপুৰতো প্ৰতিবাদ

অসম চিকিৎসা সেৱা সন্থাৰ আহ্বান ক্ৰমে লখিমপুৰতো চিকিৎসা কৰ্মী সকলে অসহযোগ কাৰ্য্যসূচীৰে ঘটনাটোৰ বিৰোধীতা কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । অসম চিকিৎসা সেৱা সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সম্পাদক ডাঃ ডম্বৰুধৰ মিলিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দোষীক শাস্তি প্ৰদানৰ বাবে দাবী জনোৱাৰ লগতে চিকিৎসকক সুৰক্ষাৰ দাবী উত্থাপন কৰে ৷

"ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে চিকিৎসক সকলে দিনে-ৰাতিয়ে ক'ভিড ৰোগীৰ লগতে অন্য ৰোগীক সকলক চিকিৎসা সেৱা আগবঢ়াই আছে ৷ কিন্তু ইয়াৰ পাচতো চিকিৎসকক এনে ব্যৱহাৰে আমাৰ সমাজত এক ঋণাত্মাক ভাৱ সৃষ্টি কৰিছে ৷ হোজাইত সংঘটিত হোৱা চিকিৎসক নিগ্ৰহৰ দৰে ঘটনা যাতে ভৱিষ্যতে পুনৰাই সংঘটিত নহয় তাৰ বাবে চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷" সাংবাদিকৰ আগত এই দৰে কয় অসম চিকিৎসা সেৱা সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সম্পাদক ডাঃ ডম্বৰুধৰ মিলিয়ে ৷

লগতে পঢ়ক: কেতিয়া সম্পূৰ্ণ হৈ উঠিব টীয়কৰ ফ’ৰলেনযু্ক্ত পথ?

ABOUT THE AUTHOR

...view details