ৰাষ্ট্ৰীয় ঘাইপথ নে এইয়া ৰঙালাও তলি !
গোগামুখ ঢকুৱাখনা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে বজাৰ খনত আপুনি পাব মন পছন্দৰ ৰঙালাও । বান অহাৰ পূৰ্বে ৰঙালাওৰ উৎপাদনে হাঁহি বিৰিঙাইছে কৃষকৰ মুখত ৷
গোগামুখত দাঁতিৰ কাষত মন পছন্দৰ ৰঙালাও
লখিমপুৰ, 6 মে': ৰাজপথৰ কাষতে গঢ়ি উঠা এখন বজাৰ । গোগামুখ ঢকুৱাখনা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে বজাৰ খনত আপুনি পাব মন পছন্দৰ ৰঙালাও । বান অহাৰ পূৰ্বে ৰঙালাওৰ উৎপাদনে হাঁহি বিৰিঙাইছে কৃষকৰ মুখত । গ্ৰাহকো সুখী দাঁতিৰ কাষতে সুলভ মূল্যত জৈৱিক পদ্ধতিৰে উৎপাদন কৰা ৰঙালাও ক্ৰয় কৰি । বান গৰাখহনীয়াত জুৰুলা অঞ্চলতোৰ চহা কৃষকে কৃষিভূমিত উৎপাদিত ৰঙালাও বিক্ৰী কৰি দেখিছে স্বাৱলম্বিতাৰ পথ ।