অসম

assam

ETV Bharat / state

বানৰ কবলত নাৰায়ণপুৰৰ ভাতমৌ অঞ্চল

বাঢ়নী পানীত বিপৰ্যস্ত নাৰায়ণপুৰৰ ভাতমৌ অঞ্চল ৷ শতাধিক পৰিয়ালৰ শ শ হেক্টৰ কৃষিভূমিত এতিয়া মাথো দলঘাঁহ৷ একাঠু পৰ্যন্ত পানীৰ বাবে যাতায়ত যোগাযোগ ব্যাহত ৷

By

Published : Aug 3, 2019, 6:22 PM IST

বানৰ কবলত নাৰায়ণপুৰৰ ভাতমৌ অঞ্চল

নাৰায়ণপুৰ, 3 আগষ্ট : বানৰ গ্ৰাসত আজিও ককবকাই আছে নাৰায়ণপুৰৰ ভাতমৌ অঞ্চল৷ লখিমপুৰ জিলাৰ সীমামূৰীয়া গাঁওখনৰ পৰা আজিও আতৰি যোৱা নাই বাঢ়নী পানী৷ নাৰায়ণপুৰৰ দ্ৰোপাং, দিহিৰি, পিচলা আৰু চেঁচা চাৰিখন নৈৰ বাঢ়নী পানী একলগ হয় ভাতমৌ অঞ্চলত৷ ফলত গাঁওখনৰ পৰা বাঢ়নী পানী সহজে ওলাই নাযায়৷ গাঁওখনৰ শতাধিক পৰিয়ালৰ শ শ হেক্টৰ কৃষিভূমিত এতিয়া মাথো দলঘাঁহ৷ কৃষিজীৱি গাঁওখনৰ কৃষকে কৰিব পৰা নাই খেতি ৷ এইক্ষেত্ৰত চৰকাৰে একো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰে ৰাইজে ৷ আনহাতে গাঁওখনৰ মূল পথটোৰ ওপৰত ঠায়ে ঠায়ে একাঁঠু পানীৰ বাবে যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে৷ বিশেষকৈ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈ অহা যোৱা কৰাত সমস্যাৰ সৃষ্টি হোৱাত চিন্তিত হৈ পৰিছে গাঁওবাসী ৷ নানা সমস্যাৰে ভাৰাক্ৰান্ত গাঁওবাসীয়ে এই ক্ষেত্ৰত বিচাৰিছে স্থায়ী সমাধান ৷

বানৰ কবলত নাৰায়ণপুৰৰ ভাতমৌ অঞ্চল

ABOUT THE AUTHOR

...view details