লখিমপুৰ, 24 এপ্ৰিল :ৰাজ্যৰ প্ৰথমটো বানৰ কৱলত(Different parts of Lakhimpur effected by floods) পৰিছে লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চল ৷ লখিমপুৰৰ বান সমস্যা চিৰদিনীয়া ৷ আজিলৈকে জিলাখনত বান সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো স্থায়ী সমাধান গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল ৷ মাৰ্চ মাহৰ শেষৰচোৱা সময়ৰ পৰা বৰ্তমানলৈকে ৰাজ্যত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ঠায়ে ঠায়ে নদী-উপনদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে ৷
চলিত বৰ্ষতো বৰ্ষাকাল আৰম্ভ নৌহওঁতেই বানৰ কৱলত পৰিছে লখিমপুৰ(Flood in Lakhimpur) ৰ বিভিন্ন অঞ্চল ৷ জিলাখনৰ হাৰমতি, বান্দৰদেৱাৰ লগতে আন বহু ঠাই এতিয়া বানৰ কৱলত ৷ পিছলা নদীৰ বানত ভোগপুৰ, জয়পুৰ, শান্তিপুৰ আদি ঠাইৰ কৃষিভূমি বিনষ্ট হোৱা দেখা গৈছে ৷ ভোগপুৰৰ একাংশ বিদ্যালয়, মাছৰ বজাৰ আদিও বানে বুৰাই পেলাইছে ৷