লখিমপুৰ, ১৯ অক্টোবৰ : লখিমপুৰত ঠাইৰ অভাৱ হ’ল গ্ৰন্থমেলাৰ বাবে । বাতিল হ’ল অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা । ফলত ক্ষোভিত হৈ পৰিছে নৱ প্ৰজন্মৰ প্ৰতিনিধিসকল ।
সকলোৰে জ্ঞাত যে, অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত অগ্ৰণী বুলি সু-নাম আছে লখিমপুৰ জিলাৰ । অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি আছিল লখিমপুৰ জিলাৰ । অসম সাহিত্য সভা গঠনৰ পাঁচ বছৰ পূৰ্বেই ১৯১২ চনত গঠন হৈছিল উত্তৰ লখিমপুৰ সাহিত্য সভা । যিখনে আজিও এক সুকীয়া পৰিচয়ৰে অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰখনলৈ অৰিহণা যোগাই আছে ।
ভাষা সাহিত্য ক্ষেত্ৰখনত আগৰণুৱা এইখন লখিমপুৰ জিলাত এতিয়া গ্ৰন্থমেলা পাতিবলৈ ঠাইৰ অভাৱ হ’ল । অসম প্ৰকাশন পৰিষদে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটী, শিৱসাগৰ, শিলচৰ আৰু হাফলঙৰ উপৰি লখিমপুৰতো প্ৰন্থমেলাৰ আয়োজন কৰিছিল যদিও স্থানৰ অভাৱত লখিমপুৰ গ্ৰন্থমেলা বাতিল কৰিব লগাটোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
জানিব পৰা মতে, লখিমপুৰত অহা ৩১ অক্টোবৰৰ পৰা ৯ নৱেম্বৰলৈ অনুষ্ঠিত কৰিব খোজা গ্ৰন্থমেলাৰ বাবে লখিমপুৰ প্ৰশাসনে গ্ৰন্থমেলাৰ বাবে প্ৰয়োজনীয় মাটি দিব নোৱৰাৰ বাবে প্ৰকাশন পৰিষদে লখিমপুৰ গ্ৰন্থমেলা বাতিল কৰি তিনিচুকীয়াত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় । গ্ৰন্থমেলা অনুষ্ঠিত কৰিবৰ বাবে অনুমতি প্ৰদান কৰিও জিলা প্ৰশাসনে প্ৰয়োজনীয় ঠাইৰ ব্যৱস্থা কৰিব নোৱাৰাৰ বাবেই লখিমপুৰ জিলাই গ্ৰন্থমেলাৰ সুযোগ হেৰুৱাব লগা হয় ।