অসম

assam

By

Published : Aug 12, 2023, 4:23 PM IST

ETV Bharat / state

Body recovered in Lakhimpur: লখিমপুৰৰ কাকৈ নৈত মৃতদেহ উদ্ধাৰ

লখিমপুৰৰ পুঠিমাৰী বালিগাঁৱত হত্য়াকাণ্ড । কাকৈ নৈত উদ্ধাৰ এজন লোকৰ মৃতদেহ । মৃতদেহত আছে আঘাতৰ চিন ।

Murder at Puthimari Baligaon in Lakhimpur
লখিমপুৰত মৃত্যুক লৈ ৰহস্য

লখিমপুৰত মৃত্যুক লৈ ৰহস্য

লখিমপুৰ, ১২ আগষ্ট: লখিমপুৰত এজন লোকৰ মৃত্যুক লৈ ৰহস্যৰ সৃষ্টি হৈছে । লখিমপুৰ নগৰৰ কিছু নিলগত কাকৈ নৈত শনিবাৰে এজন লোকৰ মৃতদেহ উদ্ধাৰ হয় । প্ৰথম দৃষ্টিত নৈত পৰি মৃত্যু হোৱা বুলি ধাৰণা হ'লেও পৰিয়ালৰ লোকে এয়া এক হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে ।

উল্লেখ্য যে উক্ত এলেকাৰ পুঠিমাৰী বালিগাঁৱৰ নিবাসী বসন্ত গগৈৰ ৩৮ বছৰীয়া পুত্ৰ দেৱ গগৈৰ মৃতদেহ পুঠিমাৰীৰ কাকৈ নৈত উদ্ধাৰ হয় । জানিব পৰা মতে, দেৱ গগৈৰ ঘৰ নৈ খনৰ কাষত আছিল । পিতৃ গৃহৰ পৰা আঁতৰি আহি তেওঁ নৈপৰীয়া এলেকাত ঘৰ সাজি বসবাস কৰি আছিল । পুত্র কন্যা বাহিৰত থকা বাবে তেওঁ অকলেই ঘৰটোত বাস কৰিছিল । কিছু দিনৰ আগতে তেওঁ অসুস্থ হৈছিল যদিও চিকিৎসা কৰি সুস্থ হৈ উভতি আহে ।

পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি শনিবাৰে হঠাতে দেৱ গগৈৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হয় । আজি পুৱা নৈ খনৰ পানীত দেৱ গগৈৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে । লগে লগে স্থানীয় লোকে পৰিয়ালক খবৰ দিয়ে । ইয়াৰ পিচতেই তেওঁলোকে স্থানীয় আৰক্ষীকো এই ঘটনাৰ বিষয়ে অৱগত কৰে ।

পিচত ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে । আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । ইফালে, এই ঘটনাটোক এক হত্যাকাণ্ড বুলি অভিযোগ তুলিছে পৰিয়ালৰ লোকে । পৰিয়ালৰ লোকে মৃতদেহত কিছু আঘাতৰ চিন থকাৰ লগতে চকু ফুলি উঠা বাবে দেৱক কোনোবাই হত্যা কৰি নৈত পেলাই দিয়া বুলি সন্দেহ কৰিছে । সেয়ে তেওঁলোকে এই ঘটনাটোৰ ন্যায়ৰ দাবী জনাইছে ।

লগতে পঢ়ক:Tense situation at Karimganj Civil Hospital : চিকিৎসকৰ গাফিলতিৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ৰোগীৰ মৃত্যু; অভিযোগ পৰিয়ালৰ

ABOUT THE AUTHOR

...view details