অসম

assam

ETV Bharat / state

লখিমপুৰত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে

অসম চৰকাৰৰ উদ্যোগত ৰাজ্যত স্থাপন কৰিবলৈ লোৱা তিনিখনকৈ বিশ্ববিদ্যালয়ৰ অন্যতম হৈছে মহাপুৰুষ মাধৱদেৱ বিশ্ববিদ্যালয় ৷ সোমবাৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

লখিমপুৰত শুভাৰম্ভ হ'ল মাধৱদেৱ বিশ্ববিদ্যালয়ৰ

By

Published : Sep 23, 2019, 11:40 PM IST

লখিমপুৰ, 23 চেপ্তেম্বৰঃৰাজ্য চৰকাৰে অসমৰ শিক্ষাখণ্ডৰ উন্নতি কৰিবলৈ ৰাজ্যত তিনিখনকৈ বিশ্ববিদ্যালয় স্থাপন কৰিছিল ৷ ইয়াৰ ভিতৰত আছিল মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়, বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয় আৰু লখিমপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয় ৷ সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইয়াৰে প্ৰথমখন বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিক শুভাৰম্ভনি কৰে লখিমপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত ৷

লখিমপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, "ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰক বিগত বৰ্ষসমূহ আওকান কৰি অহা হৈছিল ৷ 2016 চনত ৰাইজে বিজেপি চৰকাৰক অসমৰ দায়িত্ব প্ৰদান কৰাৰ পিচৰে পৰাই আমি অসমক সৰ্বস্তৰতে উন্নতিৰ নতুন শিখৰত উপস্থাপন কৰিবলৈ প্ৰচেষ্টা হাতত লৈছো ৷ ৰাজ্যৰ উত্তৰপাৰৰ বাবে গ্ৰহণ কৰিছো সকলোধৰণৰ উন্নয়নমুলক আঁচনি ৷ শিক্ষাখণ্ডৰ পৰা আৰম্ভ কৰি, যোগাযোগ আদি সকলো খণ্ডতে আমি কাম কৰি আছো ৷ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰক সংযোগ কৰিবলৈ বহুকেইখন দলঙৰ কাম আমি হাতত লৈছো ৷ ইয়াৰ লগতে শিক্ষাখণ্ডৰ বাবে আমি অভিযান্ত্ৰিক মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয়কে ধৰি বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷ সেই সিদ্ধান্তৰ ফলস্বৰূপে আজি মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ শুভাৰম্ভনি কৰা হয় ৷ বিশ্ববিদ্যালয়খনে অনাগত দিনত অসম তথা অসমৰ সৰ্বাংগীন শৈক্ষিক-সাংস্কৃতিক দিশটো বিশ্ববাসীৰ আগত উপস্থাপন কৰিবলৈ সক্ষম হ'ব ৷ শিক্ষাৰ্থীসকলে গুৰুভক্তি অন্তৰত ৰাখি নিজৰ লগতে ৰাইজৰ বাবে কাম কৰিবলৈ সক্ষম হ'ব পৰাকৈ আমি বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰিছো ৷ এইক্ষেত্ৰত সমাজৰ সকলো শ্ৰেণীয়ে ইয়াৰ উন্নয়ন তথা সুস্থ পৰিচালনাৰ বাবে সহযোগ আগবঢ়াব বুলি আশা ৰাখিলো ৷"

অসম চৰকাৰে প্ৰদান কৰিলে শ্ৰী শ্ৰী মাধৱদেৱ বঁটা

আনহাতে, উক্ত অনুষ্ঠানতে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত প্ৰদান কৰা হয় 2016 আৰু 2019 চনৰ শ্ৰী শ্ৰী মাধৱদেৱ বঁটা ৷ লখিমপুৰৰ নাৰায়নপুৰত প্ৰতিকূল বতৰৰ মাজতো সহস্ৰাধিক লোকৰ উপস্থিতিত দুগৰাকী বিশিষ্ট ব্যক্তিক ৰাজ্য চৰকাৰে প্ৰদান কৰে দুয়োটা বৰ্ষৰ মাধৱদেৱ বঁটা ৷ 2016 আৰু 2019 বৰ্ষৰ মাধৱদেৱ বঁটা প্ৰদান কৰা হয় ক্ৰমে, সত্ৰীয়া সংস্কৃতিৰ সাধক শ্ৰী শ্ৰী যোগদানন্দ চন্দ্ৰ গোস্বামী আৰু আন্তৰ্জাতিক খ্যাতিসম্পন্ননৃত্য ইতিহাসবিদ তথা সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক পদ্মশ্ৰী ডঃ সুনীল কোঠাৰীক ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details