লখিমপুৰ,6 ছেপ্তেম্বৰঃ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লখিমপুৰ ভ্ৰমণৰ বিৰোধিতাৰে দেওবাৰে বিয়লি লখিমপুৰ নগৰৰ মাজ মজিয়াত আছুৱে দাহ কৰিলে মন্ত্ৰীগৰাকীৰ পুত্তলিকা । দেওবাৰে বিয়লি বনমন্ত্ৰীগৰাকীয়ে জিলাখনৰ গোমনদীত এখন জৈৱ বৈচিত্ৰ উদ্যান মুকলিৰ এক কাৰ্য্যসূচীত অশংগ্ৰহণ কৰিব গৈছিল ।
লখিমপুৰত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পুত্তলিকা দাহ
গোমনদীত এখন জৈৱ বৈচিত্ৰ উদ্যান মুকলিৰ এক কাৰ্য্যসূচীত অশংগ্ৰহণ কৰিবলৈ যাঁওতে আছুৱে দাহ কৰে পুত্তলিকা ৷
উল্লেখ্য যে ,জিলাখনৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অসমৰ ভূখণ্ডৰ বিভিন্ন ঠাইত তীব্ৰ আগ্ৰাসন অব্যাহত আছে অৰুণাচলীৰ । জিলাখনৰ ফুলবাৰী সোনোৱাল গাওঁত যোৱা 1 ছেপ্তেম্বৰত অসমৰ ভূমি বেদখল কৰি বসতি স্থাপন কৰা অৰুণাচলী লোকে শাৰীৰিকভাবে অপদস্থ কৰিছিল প্ৰশান্ত সোণোৱাল নামৰ এজন লোকক । এনেবোৰ ঘটনা ঘটি থকাৰ পিছতো বনমন্ত্ৰীজনে সীমান্ত এলেকা পৰিদৰ্শন নকৰি জৈৱ বৈচিত্ৰ উদ্যান মুকলিৰ কাৰ্য্যসূচী হাতত লোৱাত জাঙুৰ খাই উঠিছে ছাত্ৰ সন্থাৰ কৰ্মীসকল ।
লগতে পঢ়কঃ ঘোষণা কৰা হ’ল আইপিএলৰ ত্ৰয়োদশ সংস্কৰণৰ কাৰ্যক্ৰমণিকা